10/30/2022 - 15:11
in
লখিমপুৰঃ আজি দুপৰীয়া লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা নতুন বিমান সেৱা আৰম্ভ কৰা হৈছে। দিল্লীৰ পৰা ভাৰ্ছুৱেলী এই সেৱা উদ্বোধন কৰে কেন্দ্রীয় অসামৰিক বিমান পৰিবহন দপ্তৰৰ মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই। এই উপলক্ষে লীলাবাৰী বিমান বন্দৰত আজি উপস্থিত থাকে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকাসহ কেইবাজনো বিশিষ্ট ব্যক্তি। ফ্লেগ জোকাৰি, কেক কাটি সাংসদ, বিধায়কে এই নতুন বিমান সেৱাৰ শুভাৰম্ভ কৰে।
উল্লেখ্য লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰৰ পৰা দেওবাৰৰ পৰা এলায়েন্স এয়াৰৰ তিনিখন বিমানৰ নতুনকৈ উৰণ আৰম্ভ হৈছে। এখন বিমান সপ্তাহত পাচদিনকৈ ইম্ফল আইজাললৈ অহা যোৱা কৰিব। আন এখন বিমান সপ্তাহত দুদিন কৈ লীলাবাৰী আৰু অৰুনাচলৰ জিৰ'ৰ মাজত চলাচল কৰিব। আৰু এখন বিমান সপ্তাহত চাৰিদিনকৈ চলিব লীলাবাৰী চিলঙৰ মাজত। ইফালে পূর্বে পৰা এলায়েন্স এয়াৰৰ এখন বিমান নিতৌ লীলাবাৰী কলকতাৰ মাজত চলাচল কৰি আছে।দেওবাৰৰ পৰা আৰম্ভ হোৱা নতুন বিমান কেইখনে দ্ৰুত আকাশী পৰিবহন ব্যৱস্থাত এখোজ আগোৱাই যাব বুলি লখিমপুৰীয়া ৰাইজে আশা প্ৰকাশ কৰিছে।