11/01/2022 - 12:28
in
ঢকুৱাখনাঃ ৰাজ্যৰ চৌদিশে ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ সমান্তৰালভাৱে ঘিলামৰাতো পূৰ্ণ গতিত চলিছে ৰাসোৎসৱ। ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ, য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। ই মূলতঃ হৈছে এটি ধৰ্মীয় উৎসৱ। অসমৰ বিভিন্ন প্ৰান্তত এই উৎসৱ অতি উলহ-মালহেৰে, ভক্তিপূৰ্ণভাৱে উদযাপন কৰি আহিছে। ঘিলামৰা ঘাঁহিগাঁও আৰু গোপালপুৰত পৰম্পৰা ৰক্ষা কৰি ৰাসলীলা মহোৎসৱ উদযাপন কৰি অহা হৈছে। ইয়াৰ সামান্তৰালকৈ ঘিলামৰাৰ পাঞ্চজন্য শিল্পী সমাজে অহা ১০ নৱেম্বৰত ঘিলামৰা কৃষ্টি ভৱনত আয়োজন কৰিছে ৰাসলীলা মহোৎসৱ। উক্ত ৰাসলীলাত জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনীয়ে ৰাধাৰ চৰিত্ৰত আৰু মুকুন্দ মাধৱে শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে ঘিলামৰাৰ নৱীন-প্ৰৱীন অভিনেতা-অভিনেত্ৰী আৰু শিশু-কিশোৰ সকলে অভিনয় কৰিব। সংবাদ মাধ্যমৰ যোগেদি অভিনেত্ৰী মেঘৰঞ্জনী আৰু মুকুন্দ মাধৱে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছে।