11/04/2022 - 19:36
in
গহপুৰৰ এজন অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহীন ছাত্ৰ প্ৰনজিৎ দাস (ৰিকি)। হৃদযন্ত্ৰৰ এক জটিল ৰোগত আক্ৰান্ত হৈ প্ৰায় ২ টা বছৰে মৃত্যুৰ সৈতে যুঁজিছে, গহপুৰৰ ঘাঁহিগাঁৱৰ হুকাজানৰ প্ৰয়াত নিপন দাস আৰু হিমাঞ্জলি দাসৰ ১৪ বছৰীয়া একমাত্ৰ দুৰ্ভগীয়া পুত্ৰ প্ৰনজিৎ ৰোগাক্ৰান্ত অৱস্থাতে অকালতে পিতৃক হেৰুৱাই উন্নত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৰ এতিয়া আৰ্থিক সংকট ছাত্ৰজনক চিকিৎসা কৰিবলৈ প্ৰায় ৮ লক্ষাধিক টকাৰ অবিহনে এই জটিল অস্ত্ৰোপচাৰ সম্ভৱ নহয় বুলি চিকিৎসকে জানিবলৈ দিছে।
বৰ্তমান ব্যক্তিগত চিকিৎসালয়ত হৃদযন্ত্ৰৰ এক জটিল অস্ত্ৰোপচাৰৰ বাবে চিকিৎসাধীন অৱস্থাত ৰখোৱা হৈছে ছাত্ৰজনক। আৰ্থিক নাটনিৰ বাবে অস্ত্ৰোপচাৰ কৰাৰ পৰা বঞ্চিত হ'বলগা হৈছে, দুৰ্ভগীয়া প্ৰনজিৎ দাস আৰ্থিক সহায়ৰ বাবে চৰকাৰ তথা সমূহ ৰাইজলৈ কাতৰ আহ্বান কৰিছে, দুৰ্ভগীয়া পৰিয়ালটিৰ লোকে। HIMANJULI DAS ৰ 19992122002017,(IFSC : ORBC0101999) একাউণ্ট নম্বৰত আপোনালোকে সহায়ৰ হাত আগবঢ়াই ছাত্ৰজনৰ জীৱনলৈ হাঁহি ঘূৰাই আনিব পাৰে।