11/05/2022 - 13:01
in
জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বালিজুৰিস্থিত পাঁচমূখ শিৱ মন্দিৰ প্ৰাঙ্গন আৰু ইটাখোলাৰ গুটিবাৰী অঞ্চলত বিশ্ব শান্তিৰ হকে উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্তন সমিতিৰ সৌজন্যত ৬৪ সংখ্যক বাৰ্ষিক অখণ্ড হৰি কীৰ্তন মহোৎসৱ ২৪ ঘণ্টীয়াকৈ বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়৷ বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা উক্ত পৱিত্ৰ অনুষ্ঠানৰ মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।
নিজৰ বক্তব্যত বিধায়ক গৰাকীয়ে কয় যে- "এই অঞ্চলৰ আকাশ-বতাহ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ আছে। বিশ্ব শান্তি, ঐক্য সংহতি আৰু সকলো শ্ৰেণীৰ ৰাইজৰ মংগলৰ হকেই হৰি নামৰ ব্যৱস্থা কৰিছে। গতিকে মই আশা কৰো যে আমাৰ অঞ্চলসমুহত মৰম চেনেহৰ ভাব জাগ্ৰত হওক, সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল হওক৷
আধ্যাত্মিক চিন্তা চৰ্চাৰ পৰিৱেশৰ মাজেৰে আমাৰ সমাজখন শান্তিৰে আগবাঢ়ি গৈ নৱপ্ৰজন্মক সকলো দিশত আগুৱাই নি মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব লাগিব৷ বৃহত্তৰ অঞ্চলটোত শৈক্ষিক সামাজিক আৰু সাংস্কৃতিক আদি সকলো বাতাবৰণ যাতে থিকে ৰাখিব পাৰো তাৰ বাবে হৰি কীৰ্তন মহোৎসৱৰ আয়োজন কৰি সকলোৱে প্ৰাৰ্থনা জনোৱাৰ বাবে মই ৰাইজৰ ইচ্ছাসমূহ পূৰণ হোৱাৰ কামনা কৰিলো।"