11/05/2022 - 16:48
in
ঢকুৱাখনাঃ ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৩৪ সংখ্যক যুৱ মহোৎসৱ বিভিন্ন কাৰ্যসূচীৰে ২, ৩ ,৪ আৰু ৫ নৱেম্বৰত অনুষ্ঠিত হয়। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ, ক্ৰীড়া, নাচ-গান, একাংকিকা নাট, কুইজ, তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজি শেষৰ দিনা পুৱা প্ৰায় এশ জন ছাত্ৰ-ছাত্ৰীয়ে মাৰাথন দৌৰ প্ৰতিযোগিতা আৰু পুৱা দহ বজাৰ পৰা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্রাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে গায়ন-বায়ন, মিছিং জনগোষ্ঠী, আহোম জনগোষ্ঠী, চাহ বাগানীয়া, বিহু দল, ভাৱৰীয়া আদি ৰূপত অংশ গ্ৰহণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। আবেলি এক বজাৰ পৰা মুকলি সভা আৰম্ভ হয়।