06/22/2019 - 16:45
in
গুৱাহাটী: মহানগৰ আৰক্ষীৰ জিম্মাৰপৰা পুনৰ পলায়ন কৰে এটা চোৰে। লতাশিল আৰক্ষীৰ জিম্মাৰ পৰা পলাল উগ্ৰতাৰা মন্দিৰৰ চুৰি কাণ্ডৰ মূল অভিযুক্ত আজিজুল আলী। যোৱা ১৯ জুনত গ্ৰেপ্তাৰ কৰা হৈছিল আজিজুলক। জুৰিপাৰস্থিত আজিজুলৰ ঘৰত লতাশিল আৰক্ষীয়ে তালাচী চলাবলৈ যাওতেই আৰক্ষীৰ হাতৰ পৰা সুযোগ বুজি হেণ্ডকাফসহ পলায়ন কৰে চোৰটোৱে।
লতাশিল থানাৰ তদন্তকাৰী বিষয়াৰ নেতৃত্বত চোৰটোৰ ঘৰত তালাচী চলাবলৈ গৈছিল আৰক্ষীৰ দলটো। পাঞ্জাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত চোৰটোক।
আৰক্ষীয়ে তদন্তৰ বাবে পাঞ্জাবাৰীলৈ নিয়া অৱস্থাত জুৰিপাৰৰ পৰা পলাল চোৰটো।