উত্তৰ গুৱাহাটীঃ উত্তৰ গুৱাহাটীৰ নদী যাত্ৰীক লৈ জল পৰিবহন বিভাগৰ ল’ৰা ধেমালি অব্যাহত আছে। আজি পুৱা পুনৰ যাত্ৰীভৰ্তি ফেৰীৰ ইঞ্জিন বিকল হয়। বাৰিষাৰ কোবাল সোঁতত ফেৰীৰ ইঞ্জিন বিকল হোৱাৰ লগে লগে ফেৰীত থকা যাত্ৰীসকলৰ মাজত হুৱা দুৱা লাগে। প্ৰাপ্ত তথ্য অনুসৰি মধ্যমখণ্ড গুৱাহাটীৰ মাজত চলাচল কৰা আওপুৰণি মান্ধাতা যুগৰ এম ভি কেলভিন ফেৰীৰ ইঞ্জিন বিকল হোৱাত ফেৰীখন আজি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত কিছু দূৰ উটি যায়।
চালকৰ তৎপৰতাত কথমপি মধ্যমখণ্ড ঘাটত লগাবলৈ সক্ষম হয়। যোৱা বছৰ ৫ ছেপ্টেম্বৰৰ অভিশপ্ত নাও দুৰ্ঘটনাৰ পাছতো জল পৰিবহন বিভাগে আওপুৰণি জাহাজৰে এতিয়াও যাত্ৰী কঢ়িয়াই আছে। ৰাইজৰ মাজত চমক দি সংবাদ মাধ্যমত প্ৰচাৰ চলাই মুকলি কৰা ৰ’ ৰ’ জাহাজখন মুকলি কৰাৰ পাছত ১ মাহ নহওতেই ৰহস্যজনক কাৰণত গুৱাহাটী-উত্তৰ গুৱাহাটী ঘাটৰ পৰা অন্তৰ্ধান হোৱা ঘটনা এতিয়াও যাত্ৰীসকলৰ মাজত সৰৱ চৰ্চাৰ বিষয়।
সেয়েহে জল যাতায়াত কৰি অহা যাত্ৰীসকলে উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী ফেৰীসমূহত চলি অহা এনে কিছুমান বিসংগতি শীঘ্ৰে দূৰ কৰি যাত্ৰীসকলক শংকামুক্ত কৰাৰ লগতে সুৰক্ষিত সেৱা আগবঢ়াবলৈ বিভাগীয় কৰ্তৃপক্ষ আৰু মন্ত্ৰীৰ লগতে চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে।