কপিলী নৈৰ বাঢ়নি পানীয়ে বুৰালে লংকাৰ পাশ্বৱৰ্তী কেবাটাও অঞ্চল

 07/13/2019 - 20:27

লংকাঃ সমগ্ৰ ৰাজ্যত এতিয়া ভয়াৱহ সংহাৰী বান। বানৰ কবলত পৰিছে ৰাজ্যৰ বহু কেইখন জিলা। হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত লস্কৰপথাৰ, দক্ষিন লস্কৰপথাৰত এতিয়া সাগৰ সদৄশ পৰিবেশ। চাৰিওদিশে কেৱল পানী আৰু পানী। যোৱা কেইবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ক্ৰমাৎ কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বাঢ়নী পানীয়ে ইতিমধ্যে অঞ্চলকেইটা বুৰাই পেলোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি বৰ্তমান পানীৰ তলত।

ইফালে, আন এক গুৰুত্বপূৰ্ণ বিষয় এই যে বলিয়া বানৰ তাণ্ডৱত সমগ্ৰ অঞ্চলকেইটা বুৰ গৈ থকাৰ সময়তে আন এক আতংকৰ বাবে এতিয়া ত্ৰাহিমধূসূধন সুঁৱৰিব লগা হৈছে বানাক্ৰান্ত ৰাইজে ।কিয়নো কাষৰীয়া বনাঞ্চল খনত পানী সোমোৱাৰ বাবে খাদ্য আৰু বাসস্থানৰ সন্ধানত উলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে নিশা উক্ত অঞ্চলকেইটাত প্ৰৱেশ কৰাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈ পৰিছে। হোজাইত এতিয়া কালৰূপ ধাৰণ কৰিছে বানপানীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।