লংকাত গীত আৰু কবিতা আবৃত্তিৰ কর্মশালাৰ সামৰণি

 07/15/2019 - 15:34

লামডিংঃ হোজাই জিলাৰ অসম সাহিত্য সভাৰ উদ্যোগত গীত আৰু কবিতা আবৃত্তি কৰ্মশালাৰ সামৰণি পৰে দেওবাৰে। কৰ্মশালাখনি লংকা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে সাহিত্য সভাৰ সম্পাদক অনুপ বৰঠাকুৰ, উপ সভাপতি ডঃ গুণেশ্বৰ শইকীয়া। সম্মানীয় অতিথি হিচাপে উপস্থিত থাকে হোজাই জিলাৰ জনপ্রিয় সমাজসেৱী সুজিত সোম৷

অনুষ্ঠানত বিভিন্ন গীত আৰু কবিতা আবৃত্তি কৰা হয়। ভাষণ প্ৰসঙ্গত সুজিত সোম কয় যে গুৰুজনাৰ আদর্শেৰে প্ৰভাৱিত হৈ অসমীয়া ভাষা কলা-সংস্কৃতি আৰু মানৱ জাতিৰ সেৱা কৰাৰ লগতে অসমীয়া জাতিৰ উন্নতি কৰাৰ চেষ্টা কৰিব লাগে। গ্রীষ্মকালীন কর্মশালাখনিত পাঁচশৰো অধিক লোক উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।