মাৰ্ঘেৰিটাৰ খনিজ সম্পদ খননৰ দ্বাৰা প্ৰভাৱান্বিত অঞ্চলৰ ১১১ খন বিদ্যালয়লৈ বেঞ্চ-ডেক্স

 07/15/2019 - 20:01

মাৰ্ঘেৰিটাঃ আজি প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধীনত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ খনিজ সম্পদ খননৰ দ্বাৰা প্ৰভাৱান্বিত অঞ্চলৰ সৰ্বমুঠ ১১১ খন বিদ্যালয়লৈ কেন্দ্ৰীয় খনিজ বিভাগৰ District Minerals Foundation(DMF) Trust ৰ তৰফৰ পৰা প্ৰথম পৰ্য্যায়ত ৯১৬ খন বেঞ্চ ডেক্স বিতৰণৰ শুভাৰম্ভণি কৰা হয়৷ মাৰ্ঘেৰিটা নগৰৰ ইণ্ডিয়া ক্লাৱৰ সভাগৃহত আয়োজিত আজিৰ এই বেঞ্চ-ডেক্স বিতৰণী অনুষ্ঠানত মুখ্য অতিথি আৰু বিতৰক হিচাপে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই অংশগ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ২৫ খন বিদ্যালয়ৰ কৰ্তৃপক্ষক বেঞ্চ-ডেক্স বিতৰণ কৰি কাৰ্য্যসূচীটোৰ শুভাৰম্ভণি কৰে৷

সভাখনিত স্থানীয় বিধায়কজনৰ লগতে মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি সুমিত চট্টাৱন, তিনিচুকীয়া জিলা প্ৰকল্প অভিযন্তা যজ্ঞেশ্বৰ বৰা, মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া টংকেশ্বৰ গগৈ, মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ কনিষ্ঠ অভিযন্তা উৎপল হাজৰিকা, পিএমকেকেকেৱাই (PMKKKY)ৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ পুঁজি আৰু আঁচনি তত্বাৱধায়ক জ্যোতিষ ৰায়(সোন্দাষ), মাৰ্ঘেৰিটা পৌৰ সভাৰ সভানেত্ৰী নিৰু বৰা, উপ-সভাপতি আনন্দ শৰ্মা, বিধায়ক মহোদয়ৰ সমষ্টিৰ কাম-কাজ তত্বাৱধায়ক দিচেন টিপমীয়া, বিজেপি ব্লক মণ্ডলৰ সভাপতি ভৱেশ দত্ত, বিজেপি সদৰ মণ্ডলৰ সম্পাদক মদন শৰ্মাৰ লগতে সমষ্টিটোৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ ১১১ খন বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।