মুছুলপুৰত দুৰ্বৃত্তৰ আক্ৰমণত ২ ব্যৱসায়ী গুৰুতৰভাৱে আহত

 07/17/2019 - 20:01

ডিজিটেল ডেস্কঃ বাক্সা জিলাৰ সদৰ মুছলপুৰৰ নাৰায়ণপুৰত মঙলবাৰে নিশা এক চাঞ্চল্যকৰ ডকাইটিৰ ঘটনা সংঘটিত হৈছে। নিকাছি আৰক্ষী চকীৰ অন্তর্গত নাৰায়ণপুৰত দুৰ্বৃত্তৰ আক্ৰমণত দুজন ব্যৱসায়ী আহত হােৱাৰ লগতে ব্যৱসায়ী দুজনৰ পৰা দুৰ্বৃত্তই লক্ষাধিক টকা কাঢ়ি লৈ যায়। নিকাছিৰ দুই তামােল ব্যৱসায়ী ধনপ্রসাদ ঢুংগেল আৰু বিলাস বলে মুছলপুৰস্থ ষ্টেট বেংকৰ পৰা টকা উলিয়াই নিজৰ লাগতিয়াল কাম কৰি মটৰ চাইকেলেৰে নিশা নিকাছিৰ নিজ ঘৰলৈ গৈ আছিল

কিন্তু নাৰায়ণপুৰত ৰাজপথতে দুখন মটৰ চাইকেলত যােৱা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে পিছফালৰ পৰা গৈ বাট আগচি ধৰি ব্যৱসায়ী দুজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।দুৰ্বৃত্তৰ আক্ৰমণত দুই ব্যৱসায়ী ৰাজপথতে বাগৰি পৰে আৰু তেনে অৱস্থাত তেওঁলােকৰ লগত থকা নগদ লক্ষাধিক টকাৰ লগতে বেংকৰ অন্যান্য কাগজ-পত্র লৈ দুর্বৃত্ত কেইজন নিশাৰ আন্ধাৰৰ সুযােগ লৈ পলায়ন কৰে। পাছত স্থানীয় লােকে ঘটনাস্থলীত উপস্থিত হৈ আহত ব্যৱসায়ী দুজনক উদ্ধাৰ কৰি নিকাছিলৈ লৈ যায়। কিন্তু আহতৰ অৱস্থা গুৰুতৰ হােৱাত দুয়ােকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ যায়।নিকাছি আৰক্ষীয়ে যাৱতীয় অনুসন্ধান আৰম্ভ কৰিছে। ৰাজপথতে হােৱা এই আক্রমণক লৈ এতিয়া অঞ্চলটোত তীব্র আতংকৰ সৃষ্টি হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।