স্বচ্ছ ভাৰত অভিযানক ভেঙুচালি বৰপেটা পৌৰসভাৰ: জহি খহি গৈছে ১২ লাখ টকীয়া শৌচাগাৰ

 07/18/2019 - 12:24

বৰপেটা: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানক যেন একপ্ৰকাৰ ভেঙুচালি কৰা পৰিলক্ষিত হৈছে বৰপেটা পৌৰসভাৰ। বৰপেটা চহৰৰ মুছলিমপট্টিৰ গাতে লাগি থকা ভি আই পি ৰোড সংলগ্ন চাউলখোৱা নৈৰ পাৰ হৈ পৰিছে এতিয়া বৰপেটা পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড। চহৰৰ সকলো আৱৰ্জনা পেলোৱা হয় এই ডাম্পিং গ্ৰাউণ্ডত যাৰ ফলত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে এই অঞ্চলত।

লক্ষ্যণীয় কথা এইয়ে যে উক্ত ব্যস্ত পথছোৱাতেই ৰ'দ বতাহ বৰষুণকো নেওচি যান বাহন আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰে। ভয়ংকৰ এনকেফেলাইটিচ ৰোগৰ বাহক গাহৰি মুকলিকৈ ঘুৰি ফুৰে এই অঞ্চলত যাৰ ফলত ভি আই পি ৰোডত কৰ্তব্য পালন কৰা যান বাহন আৰক্ষীৰ স্বাস্থ্যৰ প্ৰতি আহি পৰিছে ভাবুকি। ইয়াৰ মাজতেই বৰপেটা পৌৰসভাই সংঘটিত কৰিছে এক বৃহৎ কেলেংকাৰী বিগত এমাহ আগতে বৰপেটা পৌৰসভাৰ ফালৰপৰা প্ৰায় ১২ লাখ টকীয়া এক অনাময় শৌচাগাৰ নিৰ্মাণৰ কাম হাতত লোৱা হয়।

কিন্তু অতি নিম্নমানৰ চিমেণ্ট ৰড ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই অনাময় শৌচাগাৰটো উদ্বোধন নোহোৱাৰ আগতেই জহি খহি গৈছে। প্ৰায় ১২ লাখ টকাৰ এই অনাময় শৌচাগাৰটোত কমপক্ষেও দুই লাখ টকাহে খৰচ হোৱা যেন অনুমান হয় বাকী ১০ লাখ টকা বৰপেটা পৌৰসভাৰ বিষয়ববীয়া তথা ঠিকাদাৰ দালালে উদৰস্ত যে নাই কৰা তাৰ কোনো নিশ্চয়তা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।