ভাদৈ: সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোট আৰু ভাদৈ শাখা ছাত্ৰ সন্থাই ১ জুলাই পৰা ১৫ জুলাইলৈ অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন পাঠদানৰ আজি সামৰণি পৰে। আজি ঊষাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকি আছুৰ সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা নীতিৰ আধাৰত সমগ্ৰ আঞ্চলিক আৰু জিলাত শিক্ষাদান অনুষ্ঠান অনুষ্ঠিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি অংকুৰ প্ৰতিম গগৈয়ে কয় যে বিগত বৰ্ষৰ দৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰমৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক নতুন মাত্ৰা দিয়াৰ প্ৰয়াস কৰিছে।
অনুষ্ঠানত উপস্থিত থাকে ঊষাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত বৰা, দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰ। সম্পাদক দীপাংকৰ গগৈয়ে কয় দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থায়ে বিগত আশী দশক ধৰি দুলিয়াজনৰ বিভিন্ন গাঁও অঞ্চলত এনে কাৰ্যসূচী কৰি আহিছে।
ভাদৈ শাখা ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ গগৈয়ে আঁত ধৰা সভাত ছাত্ৰ সন্থাৰ ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি তেওঁলোকৰ ভৱিষ্যৎ জীৱনৰ বাবে দৰকাৰী বহুতো বিষয় অৱগত কৰে। আছুৰ এনে দায়বদ্ধতাৰ কাৰ্যসূচীক দুলীয়াজনৰ লগতে ভাদৈৰ সচেতন ব্যক্তি সকলে শলাগ লৈছে।