ডিমাকুছিত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা

 07/19/2019 - 13:35

ডিমাকুছি: ডিমাকুছিৰ ধৰমজুলি চাহ বাগিছাত তীব্ৰ উত্তেজনা। আবদ্ধ কৰিলে বনবিভাগৰ লোকক। পুৱতি নিশা বন্যহস্তীয়ে ধৰমজুলি চাহবাগিচাৰ (বজাৰ লাইনৰ) তিনি সন্তানৰ মাতৃ কল্পনা কয়া (৪৩) নামৰ মহিলাগৰাকী বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাক লৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। বনবিভাগৰ লোক বহু পলমকৈ উপস্থিত হোৱাত ক্ষোভত ৰাইজে আবদ্ধ কৰে বনবিভাগৰ লোকক৷

আনকি ঘটনাস্থলীত বনবিষয়া আৰু DFO নহালৈকে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিব দিয়া নহ'ব বুলিও সকীয়াই দিয়ে ৰাইজে৷ ঘটনাস্থলীত খাগ্ৰাবাৰী আৰক্ষীৰ লোকো উপস্থিত থাকে৷ ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাই আহিছে যদিও সমস্যা সমাধাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগতো৷

চলিত বৰ্ষত হাতী মানুৰ সংঘাতৰ ফলত ৪ টা বন্যহস্তী নিহত হোৱাৰ বিপৰীতে ১২ জন নিৰীহ লোকৰ প্ৰাণহানি হৈছিল৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।