নলবাৰীত বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ

 07/19/2019 - 19:39

নলবাৰীঃ সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো বানৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে জিলা প্ৰশাসনে বানপীড়িতসকলক ৰিলিফ কেম্পত ৰখাৰ ব্যৱস্থা কৰিছে যদিও পৰ্যাপ্ত পৰিমাণৰ খাদ্য যোগান ধৰিব নোৱাৰাত বানাক্ৰান্তৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু নলবাৰী জিলাৰ ভিন্ন প্ৰান্ততৰ সমাজকৰ্মী, ব্যৱসায়ীকে ধৰি বিভিন্ন দল সংগঠনে এই ৰিলিফ কেম্পসমূহত খাদ্যকে ধৰি বিভিন্ন সামগ্ৰী বানাক্ৰান্তসকলৰ মাজত বিতৰণ কৰে।

অন্যহাতে আজিও গুৱাহাটী young star football coaching চেণ্টাৰৰ উদ্যোগত আৰু নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী ৰুবুল কলিতাৰ নেতৃত্বত নমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ ৰিলিফ কেম্পত প্ৰায় 80 হাজাৰ টকাৰ সামগ্ৰী বিতৰণ কৰা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।