কামপুৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতি, কামপুৰ আঞ্চলিকৰ উদ্যোগত শনিবাৰে কামপুৰত থকা স্থায়ী কাৰ্যালয়ৰ প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে ১৪ তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে কামপুৰ আঞ্চলিকৰ প্ৰাক্তন সভাপতি নৰেন হাজৰিকাই আৰু শ্বহীদ তৰ্পণ কৰে বৰবিল আঞ্চলিকৰ সভাপতি উমা দাসে।
ইয়াৰ পিছত অনুষ্ঠিত হোৱা সভাত উপস্থিত থকা কৃষক সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাই সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিশ্লেষণাত্মক ব্যক্তব্য প্ৰদান কৰে আৰু কৃষকৰ মাটিৰ পট্টা, বানপানী গৰাখহনীয়াৰ স্থায়ী সমাধান, বৃহৎ নদীবান্ধ বন্ধ আৰু অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক এই মঞ্চৰ পৰাই দাবী জনায়।
সভাত উপস্থিত থকা সংগঠনটোৰ নগাঁও জিলাৰ সম্পাদক স্বপন হাজৰিকাই জলন্ত সমস্যাৰে জৰ্জৰিত অসমৰ কৃষকসকলক ৰাজ্য চৰকাৰে বাৰে বাৰে কৰি অহা প্ৰৱঞ্চনাৰ বাবে চৰকাৰখনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। সভাত উপস্থিত থাকি কেন্দ্ৰীয় সাংগঠনিক সম্পাদক নিলমণি শইকীয়াই কৃষক মুক্তিয়ে অসমৰ লাঞ্ছিত বঞ্চিত কৃষকসকলৰ স্বাৰ্থত সংগঠনটোয়ে জন্মলগ্নৰে পৰা কৰি অহা সংগ্ৰামৰ বিষয়ে বিস্তৃত ভাৱে ব্যক্তব্য প্ৰদান কৰে। আজিৰ কাৰ্যসূচীত উপস্থিত থাকি কামপুৰ আঞ্চলিকৰ সভাপতি হোমেশ্বৰ পাঠক, সম্পাদক ৰঞ্জিত ডেকাৰজাই ব্যক্তব্য প্ৰদান কৰে।