07/21/2019 - 14:48
in
ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰৰ পানবাৰী নদীত গা ধুবলৈ গৈ শনিবাৰে সন্ধানহীন হোৱা ছাত্ৰজনৰ মৃতদেহ আজি উদ্ধাৰ হয়৷ স্থানীয় ৰাইজে পুৱা পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে কিশোৰজনক৷ উল্লেখ্য যে কালি ঐতিহাসিক পানবাৰীৰ ছাতাগুৰি নৈৰ নৱনিৰ্মীয়মান দলঙৰ তলত দুজন সতীৰ্থৰ সৈতে গা ধুবলৈ গৈ পানীত ডুব গৈছিল জুবেৰ আলী ওৰফে ৰাহুল (১৫) নামৰ কিশোৰজন৷
সমনীয়াৰ চিঞৰ-বাখৰত ৰাইজে উদ্ধাৰ অভিযান চলোৱাৰ লগতে গৌৰীপুৰ প্ৰশাসনক খবৰ কৰে৷ পিছত ঘটনাস্থলীত এছডিআৰএফে অভিযান চলাই কোনো সন্ধান উলিয়াব পৰা নাছিল৷ ছাত্ৰজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷