বিলাসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ ছুৱাপাতা চতুৰ্থ খণ্ডৰ ৩নং ৱাৰ্ড সদস্য আব্দুল কুদ্দুছক একাংশ মুনাফা লোভী ব্যক্তিয়ে ষড়যন্ত্ৰৰ বলি সজোৱা ঘটনা পোহৰ লৈ আহিছে। অলপতে বিলাসীপাৰা মহকুমা প্ৰশাসনে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে চাউল, ডাইল, নিমখ আৰু মিঠা তেল যোগান দিছিল। ইফালে উক্ত বান সাহায্য কাজাইকাটা ছুৱাপাতা গাঁও পঞ্চায়তৰ সভাপতি হৰমুজ আলীয়ে চৰকাৰে মোকলাই দিয়া সামগ্ৰীবোৰ ৰাইজৰ মাজত বিতৰণ কৰিবলৈ প্ৰতি জন ৱাৰ্ড সদস্য-সদস্যাক নিজ নিজ এলেকাত দায়িত্ব অৰ্পণ কৰিছিল।
সভাপতি আলীৰ নিৰ্দেশ মৰ্মে বহুতৰ দৰে ছুৱাপাতা চতুৰ্থ খণ্ড গাঁৱৰ ৩নং ৱাৰ্ড সদস্য আব্দুল কুদ্দুছে নিজ ৱাৰ্ডৰ বাবে আবণ্টিত সামগ্ৰী বিতৰণ কৰে। কিন্তু আশ্বৰ্যজনকভাবে সাহায্য বিতৰণৰ দুই দিন পিছত উক্ত গাঁৱৰ একাংশ ব্যক্তিয়ে ৰাজনৈতিকভাৱে ৱাৰ্ড সদস্য আব্দুল কুদ্দুছক সমাজত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যে আমন্ত্ৰণ কৰি আনি অযথা হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।
কেৱল ইমানেতেই ক্ষান্ত নাথাকি ৱাৰ্ড সদস্যৰ সমৰ্থকৰ সৈতে মাৰপিট কৰে। উভয় পক্ষৰ মাজত মাৰপিট সংঘটিত হোৱাত দুয়ো পক্ষৰ কেইবা জনো লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান উন্নত চিকিৎসা কৰিবলগীয়া হৈছে। ইতিমধ্যে উভয় পক্ষই বিলাসীপাৰা থানাত বিষয়টো লৈ গোচৰ ৰুজু কৰিছে। অবশ্যে বৰ্তমানলৈকে আৰক্ষীয়ে তদন্তৰ আৰম্ভ কৰা নাই।