কোকৰাঝাৰঃ অসমৰ ভূমিপুত্ৰ কোচৰাজবংশী জনগোষ্ঠীৰ ভাষা, কলা সংস্কৃতি আৰু শৈক্ষিক দিশৰ লগতে আৰ্থ-সামাজিক দিশত চহকী জনগোষ্ঠী হিচাপে স্বকীয় পৰিচয় বহন কৰাৰ মহান লক্ষ্যৰে গঠিত হোৱা বীৰ চিলাৰায় উন্নয়ন সমিতিয়ে বৃহত্তৰ চন্দ্ৰপাৰা অঞ্চলক সামৰি আৰম্ভ কৰা পাঁচদিনীয়া কোচৰাজবংশী লোক নৃত্য আৰু লোক গীতৰ বিনামূলীয়া কৰ্মশালাখনৰ শনিবাৰে সফল সামৰণি পৰে৷
কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰা জে.বি বিদ্যালয় প্ৰাংগনত এই উপলক্ষে অনুষ্ঠিত বিনামূলীয়া নৃত্য গীতৰ কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানৰ আত ধৰে বীৰ চিলাৰায় উন্নয়ন সমিতিৰ সভাপতি বিনোদ চন্দ্ৰ ৰায়ে৷ সভাত অঞ্চলটোৰ বিশিষ্ট ব্যক্তি হিচাপে বিদ্যালয়খনৰ প্ৰধান শিক্ষক লক্ষীন্দৰ ৰায়ৰ উপৰি সমিতিৰ সম্পাদক বিপুল ৰায় উপস্থিত আছিল৷
উল্লেখ্য যে চন্দ্ৰপাৰাত বিগত পাঁচদিনৰ পৰা আৰম্ভ হৈ শনিবাৰে সফল সামৰণি পৰাত বিনামূলীয়া কৰ্মশালাখনত অংশ লোৱা কণ কণ শিশুসহ ৪৫ গৰাকী বিভিন্ন প্ৰান্তৰ যুৱতীক একোখনকৈ মানপত্ৰ দিয়াৰো ঘোষণা কৰে সমিতিয়ে৷ উক্ত সামৰণি কৰ্মশালাত কোচ ৰাজবংশী জনগোষ্ঠীৰ কুশান, কাৰ্তীকা নৃত্যৰ উপৰি বিভিন্ন গীত আৰু নৃত্যৰ ছন্দে ছন্দে আখৰা দিছিল প্ৰখ্যাত শিল্পী দল তথা চিলাৰায় উন্নয়ন সমিতিৰে সাংস্কৃতিক সম্পাদক পুঠিৰাম ৰায় তথা প্ৰীতম কোচে৷
আনপিনে বীৰ চিলাৰায় উন্নয়ন সমিতিৰ উদ্যোগত পোন প্ৰথমবাৰৰ বাৱে আয়োজিত হোৱা কোচৰাজবংশী লোক নৃত্য আৰু গীতৰ বিনামূলীয়া কৰ্মশালাখনৰ সতে সংগতি ৰাখি অঞ্চলটোৰে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাৱে যোৱা এক জুলাইৰ পৰা এমাহ যোৰা বিনামুলীয়া গ্ৰীষ্মকালীন পাঠদান শিবিৰ এখনো আৰম্ভ হোৱা বুলি উদ্যোক্তা সমিতিৰ সভাপতি বিনোদ ৰায়ে সদৰী কৰিছে৷
উল্লেখ্য যে বিগত এক জুলাইৰ পৰা চলি থকা বিনামূলীয়া পাঠদান শিবিৰত অংশ লোৱা ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীক গণিত, ইংৰাজী আৰু বিজ্ঞান বিষয়ৰ ওপৰত সম্যক পাঠদান কৰে শক্তিআশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ শিক্ষক আৰু চন্দ্ৰপাৰা মজলীয়া বিদ্যালয়ৰ শিক্ষকসকলে৷