বৰপেটাৰ ফ্ৰেইণ্ডছ ক্লাৱৰ উদ্যোগত বানাক্ৰান্তৰ শিবিৰত খাদ্য সামগ্ৰী বিতৰণ

 07/30/2019 - 13:54

বৰপেটাঃ এইবাৰৰ বানপানীত সৰ্বাধিক ক্ষতিগ্ৰস্থ হৈছে বৰপেটা জিলা। জিলাখনৰ বহু লোক গৃহহাৰা হৈ এতিয়াও আশ্ৰয় শিবিৰত বাস কৰিব লগীয়া হৈছে৷ অন্ন, বস্ত্ৰ, চিকিৎসাৰ অভাৱত জুৰুলা হোৱা বন্যাৰ্তসকলক সোমবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে বৰপেটা মুছলিমপট্টিৰ ফ্ৰেইণ্ডছ ক্লাৱ এণ্ড লাইব্ৰেৰীয়ে।

ক্লাৱটোৰ তৰফৰ পৰা জিলা পৰিষদৰ নতুন ভৱন, বৰপেটা নাৰ্চাৰী স্কুল, বিকলাংগ স্কুল আৰু গান্ধীনগৰ মথাউৰিৰ বান শিবিৰত থকা প্ৰায় ২৫০ পৰিয়ালক চিৰা, চেনী, বিস্কুট, পানীৰ বটল বিতৰণ কৰে। সামগ্ৰী বিতৰণৰ সময়ত ক্লাৱটোৰ সভাপতি জাহাংগীৰ খান, সম্পাদক আতিকুৰ ৰহমানৰ লগতে ক্লাৱৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।