খোৰাগাঁও ২য় খণ্ড ৰাইজৰ পথ অৱৰোধ

 07/30/2019 - 19:15

অভয়াপুৰীঃ যোগীঘোপা আৰক্ষী চকীৰ অন্তৰ্গত খোৰাগাঁও ২য় খণ্ড পঞ্চায়তৰ বান সাহায্যৰ নামত লুণ্ঠন হোৱাত খোৰাগাঁও ২ য় খণ্ড ৰাইজে আজি গড়কাপ্টানি পথ অৱৰোধ কৰে। মহকুমাধিপতিৰ ওচৰত লিখিত অভিযোগ দিয়ে ৰাইজে। মেম্বাৰ হাচান আলী আৰু সভাপতি নিৰঞ্জন বৰ্মন দুয়ো মিলি বান সাহায্য আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰে খোৰাগাঁও দ্বিতীয় খণ্ডৰ ৰাইজে।

ইমানেই নহয় মেম্বাৰ হাচান আলী নিৰ্দলীয় প্ৰাৰ্থী হৈ কিছুদিন আগতে কংগ্ৰেছত যোগ দান কৰিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰ বিজেপি হোৱাত দুদিন আগতে বিজেপিত যোগদান কৰি নিজকে সুৰক্ষাৰ কবছত বান্ধি দুৰ্নীতি কৰাত নামিছে মেম্বাৰ হাছান আলী। এতিয়া ৰাইজৰ প্ৰশ্ন উচিত তদন্ত হ’বনে হাচান আলীৰ বিৰুদ্ধে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।