আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত কাদং, ছনপুৰাত বানাক্ৰান্তৰ মাজত চিকিৎসা শিবিৰ

 08/01/2019 - 14:19

জনীয়াঃ আন্তৰ্জাতিক পৰ্যায়ৰ এনজিঅ’ আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচনৰ উদ্যোগত আৰু বৰপেটা জিলাৰ জনীয়াস্থিত অন্যতম এনজিঅ’ আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সম্পাদক আব্দুল মালিকৰ তত্বাৱধানত বুধবাৰে মন্দিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত কাদং আৰু ছনপুৰাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু ঔষধ বিতৰণ কৰা হয়।

দুয়োখন ঠাইত বানাক্ৰান্ত প্ৰায় ডেৰশ গৰাকী ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসক ডাঃ ছামাদ আলীয়ে। উক্ত চিকিৎসা শিবিৰটোত জিএনএম শেৱালি পাঠক, এএনএম ৰাজেদা আহমেদ, এমপিডব্লিউ ক্ৰমে খন্দকাৰ বাহাৰুল ইছলাম, শিকদাৰ চান্দ মামুদ, মনোৰঞ্জন ডেকা, জ্যোতিষ দাস, এচ ডব্লিউ ক্ৰমে তৰঙ্গ কাকতি, এচ আই বাহাৰুল ইছলাম, বিএইচভব্লিউ জীৱেশ্বৰ বৈশ্য, স্বচ্ছগ্ৰাহী আবিদা খাতুন, এজিইউপিৰ মকিব শিকদাৰ, ইমদাদুল মালিক, সাংবাদিক মইনুল হক চৌধুৰীয়ে সহযোগিতা আগবঢ়ায়। বানাক্ৰান্ত লোকৰ মাজলৈ আহি বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়োৱাত ৰাইজে আমেৰিকেয়াৰচ ইণ্ডিয়া ফাউণ্ডেচন আৰু জনীয়া এজিইউপিক ধন্যবাদ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।