দেৱদাৰু নগৰী অভয়াপুৰীত পথৰ কাষৰ গছত ব্যৱসায়িক প্ৰতিষ্ঠানৰ বেনাৰ-পোষ্টাৰ

 08/01/2019 - 20:51

অভয়াপুৰীঃ গোলকীয় উষ্ণতাই সমগ্ৰ পৃথিৱীৰ প্ৰতি ভাবুকি অনাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ পৃথিৱীতে বৃক্ষৰোপণ সংৰক্ষণ আদিৰ প্ৰতি এক জাগৰণ আহিছে। কিন্তু ইয়াৰ বিপৰীতে অভয়াপুৰী চহৰৰ গছ বিৰিখ আদিত একাংশ সুবিধাবাদী লোকে চলাই আহিছে আতিশয্য। চহৰৰ একাংশ ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰচাৰৰ উদ্দেশ্যে পথৰ কাষৰ গছ বিৰিখক বাচি লোৱাত চহৰখনৰ পৰিৱেশ বিনষ্ট হোৱা পৰিলক্ষিত হৈছে। অভয়াপুৰী চহৰত ৰাজ পৰিয়ালৰ পৃষ্ঠপোষকতাত পথৰ কাষে কাষে গছ ৰোৱাৰ পৰম্পৰা আৰম্ভ হয়।

ইয়াৰ পৰিণতিতেই চহৰৰখনৰ পথৰ দুয়োকাষে সুবিশাল দেৱদাৰু গছে চহৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে বহু চৰাই চিৰিকটিৰো আশ্ৰয়স্থল হৈ পৰে। কিন্তু অভয়াপুৰীৰ একাংশ সুবিধাবাদী লোকে নিজৰ প্ৰতিষ্ঠানৰ নাম উজলাবলৈ আনে ৰোৱা গছতে বেনাৰ, পোষ্টাৰ আদি মৰাত গছৰ সৌন্দৰ্য হ্ৰাস পোৱাৰ লগতে গছৰ দীৰ্ঘায়ু বহু পৰিমাণে হাস হৈছে। প্ৰায় প্ৰতিজোপা গছতেই ব্যৱসায়িক প্ৰতিষ্ঠানৰ ছাইনবোৰ্ড বেনাৰ আদি দৃষ্টিকটুভাৱে বিশৃংখলকৈ ওলমি থকাত সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত মহকুমা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে চহৰবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।