এম্বুলেঞ্চৰ চালকৰ ৰূপত মন্ত্ৰী ৰঞ্জিৎ দত্ত

 08/02/2019 - 20:42

বিহালীঃ বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক আজি দেখা গ’ল এম্বুলেঞ্চ চালকৰ ৰূপত। দৰাচলতে বিহালী সমষ্টিৰ মোনাবাৰী চাহ বাগিচাত আজি বহু দিনৰ পৰাই ৰোগীসকলৰ বাবে প্ৰয়োজন হৈ আছিল এখন এম্বুলেঞ্চৰ। চাহ বাগিচাখনত পূৰ্বৰে পৰা এখন এম্বুলেঞ্চ আছিল যদিও সেই এম্বুলেঞ্চখন অতি পুৰণি হৈ পৰিছিল।

যাৰ বাবে ৰোগীক দূৰলৈ চিকিৎসাৰ বাবে নিবৰ বাবে ভাড়া গাড়ী আনিব লগীয়া হৈছিল। আনহাতে ৰোগীৰ সংখ্যা দিনক দিনে চাহ বাগিচাখনত বৃদ্ধি পোৱাৰ বাবেও প্ৰয়োজন হৈ পৰিছিল আৰু এখন এম্বুলেঞ্চৰ। সেয়েহে বিহালী আটচা আৰু স্থানীয় লোকে মন্ত্ৰীগৰাকীক এই বিষয়ে অৱগত কৰিছিল। আজি মোনাবাৰী চাহ বাগিচাৰ এই দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে মন্ত্ৰী ৰঞ্জিত দত্তই।

মন্ত্ৰীগৰাকীয়ে বিধায়ক পুঁজিৰ পৰা আজি এই অত্যাধুনিক এম্বুলেঞ্চখন প্ৰদান কৰি শুভ উদ্বোধন কৰি এইদৰে এপাক নিজে এম্বুলেঞ্চখন চলাই চালে। কেৱল এম্বুলেঞ্চখনেই নহয়, মন্ত্ৰীগৰাকীয়ে আজি বিহালী সমষ্টিৰ মোনাবাৰী চাহ বাগিচাৰ ভিতৰত থকা এই নামঘৰটোৰো উন্নয়নৰ বাবে নিজ বিধায়ক পুঁজিৰ পৰা পাঁচ লাখ টকা প্ৰদান কৰে। আনহাতে মন্ত্ৰীগৰাকীয়ে বিহালীত প্ৰয়োজন হোৱা বহু উন্নয়নমূলক কাম কৰাৰ আশ্বাস প্ৰদান কৰে। লগতে মন্ত্ৰী ৰঞ্জিত দত্তই কয় যে প্ৰত্যেক ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানৰ বাবে পুঁজি প্ৰদানৰ বাবে সাজু বুলিও ভাষন প্ৰসংগত উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।