এন আৰ চিৰ নামত সংখ্যালঘুক হাৰাশাস্তিৰ অভিযোগ

 08/09/2019 - 14:23

বৰপেটাঃ এন আৰ চিৰ হিয়াৰিঙৰ নামত একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক টাৰ্গেট কৰি যমৰ যাতনা ভূগাই আছে বুলি তীব্ৰ বিষোদগাৰ কৰে মুছলিম ছাত্র সন্থাই। সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি জালাল উদ্দিনে সংবাদ মাধ্যমৰ যোগেদি তীব্ৰ বিষোদগাৰ কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ SOP মতে শেহতীয়াকৈ পুনৰীক্ষণৰ প্ৰেৰণ কৰা হৈ আছে। তাত আমাৰ আপত্তি নাই। কিন্তু চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত হোৱাৰ পিছতো ষড়যন্ত্ৰমূলকভাৱে জাননী প্ৰেৰণ কৰাৰ ক্ষেত্ৰত বিসংগতি দেখা দিছে।

নিয়মমতে এন আৰ চি হিয়াৰিঙৰ জাননী এসপ্তাহ আগতে প্ৰেৰণ কৰিব লাগে। কিন্তু একাংশ বিষয়াই এন আৰ চি প্ৰক্ৰিয়াত জটিলতা সৃষ্টি কৰিবলৈ এৰাতিৰ ভিতৰতেই বহুতকে জাননী প্ৰেৰণ কৰিছে। এই সমগ্ৰ ঘটনাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰি মুছলিম ছাত্র সন্থাই ৪ টা দাবী সম্বলিত এক স্মাৰক পত্ৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰিৰ জড়িয়তে সংশ্লিষ্ট বিভাগসমূহলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।