শ্ৰীৰামপুৰঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ কচুগাঁৱৰ নিবাসী এগৰাকী অষ্টম শ্ৰেনীৰ ছাত্ৰী জটিল ৰোগত আক্ৰান্ত হৈছে৷ অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকী দীৰ্ঘ দিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হোৱাত দিশহাৰা হৈছে পৰিয়ালটো৷ প্ৰাপ্ত বাতৰি মতে কচুগাঁও বজাৰৰ নিবাসী সঞ্জয় সৰকাৰ আৰু ৰিনা সৰকাৰৰ একমাত্ৰ কন্যা ডিম্পা সৰকাৰ বয়স ১৩ বছৰ হৈছে যদিও অন্যান্য কিশোৰীৰ দৰে স্বাভাবিকভাৱে দৈহিক বিকাশ ঘটা নাই৷ কচুগাঁওস্থিত ছেণ্ট ক্লাৰেট ই এম স্কুলত অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক পিতৃ-মাতৃয়ে প্ৰথমতে বংগৰ আলিপুৰদুৱাৰ, কোচবিহাৰ আদি ঠাইত চিকিৎসা কৰে যদিও কোনো সুফল নাপাই গুৱাহাটী বৰাগাঁও এক্সেল কেয়াৰ হস্পিটাললৈ লৈ যায়৷
তাতে চিকিৎসকে সকলো পৰীক্ষা-নিৰীক্ষা কৰি জানিবলৈ দিয়ে যে কিশোৰীগৰাকীৰ গ্ৰথ হৰ্মন ডিফেক্ট নামৰ বেমাৰ হৈছে৷ আৰু উক্ত বেমাৰ ঠিক হ’বলৈ প্ৰতিদিন ৬০০ টকা মূল্যৰ এটা বেজী তিনি বছৰ লৈকে দিব লাগিব৷ চিকিৎসকৰ কথা শুনি দিশহাৰা হৈ পৰে পিতৃ-মাতৃ৷ ইতিমধ্যে কন্যাৰ চিকিৎসা কৰি সৰ্বস্বান্ত হোৱা পিতৃ-মাতৃয়ে কন্যাৰ চিকিৎসাৰ বাবে তিনি বছৰত অনুমানিক ছয় লক্ষ টকা লাগিব বুলি ভাবি দিশহাৰা হৈছে৷
কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে মাতৃয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী আৰু ৰাইজক সহায়ৰ বাবে অনুৰোধ জনাইছে৷ কোনো সদাশয় লোকে সহায় কৰাৰ ইচ্ছা কৰিলে ২০৪৩৯৬৭৫৪১১ এছ বি আই একাউণ্ট নম্বৰৰ যোগেদি অথবা ৯১০১৯৯৭৭৮০ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মাতৃয়ে৷