ডিগবৈঃ সমবায় সমিতিৰ সূলভ মূল্যৰ একাংশ এজেণ্টে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ অনুসৰি জাগুনৰ টিৰাপ সমবায় সমিতিৰ অন্তৰ্গত জাগুন ফৰেষ্ট গাঁৱৰ এজেণ্ট ৰাজু দেৱনাথ নামৰ দোকানীজনে ৰাইজৰ বাবে সূলভ মূল্যত বিতৰণৰ বাবে অহা চাউল দীৰ্ঘদিনে জাগুন অৰুণাচল ঘাটৰে অন্যস্থানত বিক্ৰী কৰি আহিছে।
অন্যহাতে যি সকল দুখীয়া স্থানীয় হিতাধিকাৰীয়ে পাবলগীয়া তেওঁলোকৰ প্ৰতিজনৰ কাৰ্ডৰ পৰা ৫ পৰা ১০ কেজি পৰ্যন্ত চাউল এজেণ্ট ৰাজু দেৱনাথে দীৰ্ঘদিন ধৰি আত্মসাৎ কৰি আহিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে। অঞ্চলটোৰ দুখীয়া ৰাইজে পাব লগা চাউল দীৰ্ঘদিনে অবৈধভাৱে বিক্ৰী কৰি অহা ৰাজু দেৱনাথক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে।
মাৰ্ঘেৰিটা যোগান বিভাগ বগা হাতীৰ ৰূপ লোৱাৰ ফলতে মহকুমাটোৰ বিভিন্ন এজেণ্ট এনে কলা বেহাত লিপ্ত হ’বলৈ সুযোগ পাইছে বুলি ইতিমধ্যে বিভিন্ন মহলত চৰ্চা অব্যাহত আছে। অভিযুক্ত এজেণ্ট ৰাজু দেৱনাথৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী কৰিছে স্থানীয় ৰাইজে।