08/14/2019 - 15:15
in
ডিজিটেল ডেস্কঃ ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ অভিনন্দনে বালাকোট আক্ৰমণৰ পিছত ভাৰত সীমান্তত প্ৰবেশ কৰিবলৈ চেষ্টা কৰা পাকিস্তানৰ F-16 যুজাৰু বিমান ধ্বংস কৰি যি বীৰত্ব প্ৰদৰ্শন কৰিছিল সেইয়া সকলোৰে জ্ঞাত। সেই গৰাকী সাহসী বায়ুসেনাক বীৰ চক্ৰৰে সন্মানিত কৰিব ভাৰত চৰকাৰে। ৭৩ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে প্ৰদান কৰা হ’ব এই সন্মান।
অভিনন্দনৰ লগতে বায়ুসেনা স্কোৱাড্ৰন লীডাৰ মিণ্টী আগৰৱালক প্ৰদান কৰা হ'ব যুদ্ধ সেৱা মেডেল। উল্লেখ্য যে মিণ্টী আগৰৱালে বালাকোটত সন্ত্ৰাসবাদী সংগঠনৰ ঠিকনাত প্ৰবেশ কৰি আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীৰ ঘাটিত। ইয়াৰ উপৰি মিৰাজ-২০০০ বিমানেৰে জৈছ-ই-মহম্মদৰ ঘাটিত আক্ৰমণ চলোৱা ৫ জন বায়ুসেনা পাইলটকো "বায়ু সেনা" সন্মানেৰে সন্মানিত কৰিব ভাৰত চৰকাৰে।