কামপুৰৰ এনআৰচি কেন্দ্ৰত চুৰিকাণ্ডঃ মহিলাসহ ৪ চোৰক আটক আৰক্ষীৰ

 08/16/2019 - 16:11

কামপুৰঃ কামপুৰ দেৱনাৰিকলি এনআৰচি কেন্দ্ৰত চুৰি কৰা ৪ টা চোৰৰ লগতে এগৰাকী মহিলা চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী। ৮ আগষ্টৰ নিশা কামপুৰ দেৱনাৰিকলি গাঁও পঞ্চায়তৰ এনআৰচিৰ সেৱা কেন্দ্ৰত সংঘটিত হৈছিল চুৰিকাণ্ডৰ ঘটনা। দুৱাৰ ভাঙি কেন্দ্ৰটোত প্ৰৱেশ কৰি এটা জেনেৰেটৰ, দুখন ফেন, এটা কম্পিউটাৰ মনিটৰ চুৰি কৰি নিছিল চোৰৰ দলটোৱে।

তদুপৰি দুটাকৈ আলমিৰা ভাঙি লণ্ড ভণ্ড কৰে এনআৰচিৰ বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ। তাৰ পাছতে এনআৰচি কৰ্তৃপক্ষই কামপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এনআৰচি কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত কামপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল। ১৫ আগষ্টৰ নিশা বিশেষ সূত্ৰৰ পম খেদি কামপুৰ আৰক্ষীয়ে ৪ টা চোৰৰ লগতে এগৰাকী মহিলা চোৰক আটক কৰিবলৈ সক্ষম হয়।

ধৃত চোৰকেইটা ক্ৰমে মহম্মদ আলী, ইনামুল হক, ৰিয়াজুল হক, ৰফিকুল ইছলাম আৰু জুছনাৰা বেগম। দীৰ্ঘদিন ধৰি এই চোৰৰ দলটোৱে কামপুৰৰ অঞ্চলত নানা ধৰণৰ চুৰি কাৰ্য সংঘটিত কৰি আহিছিল। উল্লেখ্য যে চুৰি কৰা জেনেৰেটৰটো ধৃত মহম্মদ আলীৰ কামপুৰ ঘিলানীৰ বাসগৃহ পৰা উদ্ধাৰ কৰা লগতে দুখন ফেন আৰু কম্পিউটাৰ মনিটৰটো ধৃত চাৰি চোৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।