04/01/2019 - 19:58
in
গুৱাহাটীঃ বেংক অৱ বৰোদা গুৱাহাটী ক্ষেত্ৰীয় কাৰ্যালয়ত আজি এখন সংবাদ মেলৰ আয়োজন কৰা হয়। এই সংবাদ মেলত বেংক অফ বৰোদা প্ৰবন্ধক শিৱ পদ নায়কে আনুষ্ঠানিক ভাৱে ঘোষণা কৰে যে ১ এপ্ৰিল আজিৰ দিনটোৰ পৰাই বেংক অৱ বৰোদা, বিজয়া বেংক আৰু দেনা বেংক এই তিনিটা ৰাজহুৱা খণ্ডৰ বেংক আনুষ্ঠানিক ভাৱে দেশৰ দ্বিতীয় বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক হিচাপে পৰিগণিত হয়।
উল্লেখ্য যে ভাৰতীয় ৰিজাৰ্ভ বেংকক যোৱা ৩০ মাৰ্চত এই কথা জাননী যোগে ইতিমধ্যে অৱগত কৰিছে বুলি কয় প্ৰবন্ধকগৰাকীয়ে। এই তিনি বেংকৰ একত্ৰীকৰণৰ দ্বাৰা বেংক অৱ বৰোদা এতিয়াৰে পৰা বিস্তৃত ভৌগোলিক খণ্ড সামৰি দেশৰ ১২ কোটিৰো অধিক গ্ৰাহকক সাঙুৰি লব বুলি জনায়।
এই তিনি বেংকৰ চামিলকৰণৰ ফলত মানৱ সম্পদ আৰু তথ্য প্ৰযুক্তি এই দুটা ক্ষেত্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিৱ পদ নায়কে।