বিজনীত ড্ৰাগছ আৰু সামাজিক মাধ্যম সম্পৰ্কে আমছুৰ সজাগতা সভা

 08/26/2019 - 12:11

বিজনীঃ চিৰাং জিলাৰ বিজনী কাৱাটিকাত দেওবাৰে আমছুৰ উদ্যোগত ড্ৰাগছ আৰু সামাজিক মাধ্যম সম্পৰ্কে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। চিৰাং জিলা আমছুৰ সভাপতি আবুল কালাম আজাদৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাত চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিং, জিলাখনৰ অতিৰিক্ত আৰক্ষী অধিক্ষক বেদান্ত প্ৰসাদ বৰকাকতি, বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধি, বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক কুমাৰ বৰা, চিৰাং জিলা সৰ্বশিক্ষা অভিযানৰ প্ৰজেক্ট মেনেজাৰ জাহাংগীৰ হুছেইন, অৰ্চিনি কেয়াৰ হোমৰ সঞ্চালক ছিষ্টাৰ মেৰিণ, বিশিষ্ট সাংবাদিক তথা সমাজসেৱক জমছেৰ আলী, আদি কৰি আমছুৰ নেতৃবৃন্দ উপস্থিত থাকে।

দুই সহস্ৰাধিক লোক অংশগ্ৰহণ কৰা সজাগতামূলক সভাখনত উপস্থিত অতিথি বৃন্দই ড্ৰাগছ সেৱনৰ ভয়াৱহতা, সমাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে লবলগীয়া সাবধানতা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উপৰিও বাল্য বিবাহ, উৰা বাতৰি, অপপ্ৰচাৰ আদিৰ ওপৰত ভাষণ প্ৰদান কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।