বৃদ্ধ বয়সত কেনেকৈ সন্তান জন্ম কেনেকৈ হ'ল? উত্তৰ দিব লাগিব সিদ্ধু মুছেৱালাৰ মাতৃয়ে...

 03/20/2024 - 18:05
ডিজিটেল ডেস্কঃ প্ৰয়াত পঞ্জাৱৰ জনপ্ৰিয় কন্ঠশিল্পী সিন্ধু মুছেৱালাৰ মাতৃয়ে ৫৮বছৰ বয়সত সন্তান জন্ম দিয়া ঘটনাক লৈ চাৰিওফালে তীব্ৰ চৰ্চা অব্যাহত থকাৰ মাজতে এই ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰে এক বিশেষ জাননী প্ৰেৰণ কৰিছে পঞ্জাৱ চৰকাৰলৈ। ৫৮বছৰ বয়সত কেনেকৈ শিশু জন্ম দিলে তাক লৈ প্ৰতিবেদন বিচাৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰিয়াল কল্যাণ মন্ত্ৰালয়ে।
 
দৰাচলতে মুছেৱালা মাতৃয়ে আই বি এফ পদ্ধতিৰে গৰ্ভৱতী হৈছিল। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে পঞ্জাৱত এই পদ্ধতিৰে জন্ম হোৱা সকলো শিশুৰ এখন ৰিৰ্পট জমা দিবলৈ ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে। হিন্দুস্তান টাইমছ প্ৰকাশিত খবৰ অনুসৰি, কৃত্ৰিমভাৱে গৰ্ভৱতী হোৱাক লৈ এখন বিশেষ আইন ইতিমধ্যে দেশত প্ৰচলিত হৈ আছে। ২০২১চনত প্ৰৱৰ্তন কৰা এই আইনখনৰ মতে, আই বি এফ পদ্ধতিৰে সন্তান জন্ম দিবলৈ এগৰাকী মহিলাৰ বয়স হব লাগিব ২১বছৰৰ পৰা ৫০বছৰৰ ভিতৰত।
তেনেক্ষেত্ৰত সিন্ধু মুছেৱালাৰ মাতৃয়ে ৫৮বছৰ বয়সত কেনেকৈ সন্তান জন্ম দিলে, সেই বিষয়টোক লৈও শলঠেকত পৰিব পাৰে পৰিয়ালটো। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, সিন্ধু মুছেৱালাৰ আচল নাম শুভদ্বীপ সিং সিন্ধু। পঞ্জাৱৰ এই জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ হত্যাৰ প্ৰায় দুবছৰৰ পাছত তেওঁৰ মাতৃয়ে চলিত বৰ্ষৰ ১৮মাৰ্চত এটি সন্তানৰ জন্ম দিছিল। সিন্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিং দাৰাই এই ফটোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছতে সমগ্ৰ দেশত চৰ্চিত হৈ পৰিছিল খবৰটো। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।