কিয় আহে মৃত্যু এনেদৰে

 10/06/2022 - 20:12
কিয় আহে মৃত্যু এনেদৰে’
-গৌতম প্ৰতীম গগৈ
 
গুৰুজনাৰ জন্মতিথিৰ কার্যসূচীত অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাতেই হঠাৎ হৃদ ক্ৰিয়া বন্ধ হৈ পৰিল তেজস্বিতাৰ। কিছু সময়ৰ পাছতেই মৃত্যু। মাজুলীৰ প্ৰতিভাৱান গৰাকীৰ মৃত্যুত ৰাজ্যবাসী মৰ্মাহত। কিন্তু শেহতীয়া দিনকেইটাত দেশত এই ঘটনা একমাত্ৰ ঘটনা নহয়। বিগত সাতটা দিনত কেইবাটাও লাইভ মৃত্যুৰ সাক্ষী দেশবাসী। এই আটাইকেইটা মৃত্যুৱেই আছিল অস্বাভাৱিক। বিগত এক অক্টোবৰত উত্তৰ প্ৰদেশত এক অনুষ্ঠানত হনুমানৰ চৰিত্ৰত অভিনয় কৰি নৃত্য কৰি থাকোতেই মৃত্যু হ'ল ৰামস্বৰূপ নামৰ এজন ব্যক্তিৰ। এক মিনিট সময়ৰ আগলৈ সম্পূৰ্ণ সুস্থ শৰীৰে নৃত্য কৰি থকা ব্যক্তিজনৰ মৃত্যুৰ কাৰণ আছিল হাৰ্ট এটেক।লাইভ কেমেৰাত বন্দী হৈ ৰৈছিল ৰামস্বৰূপৰ মৃত্যুৰ দৃশ্য।
 
এনে হঠকাৰী মৃত্যুৰ বহুকেইটা ঘটনা ঘটিল এইবাৰৰ গৰ্বা নৃত্যত। গৰ্বা নৃত্যত ভাগ লৈ থকাৰ সময়তে হঠাৎ মৃত্যুৰ এনে এটা ঘটনা ঘটিল গুজৰাটত। গুজৰাটৰ ঐকৈশ বছৰীয়া যুৱকজন নাচি থকা অৱস্থাতে ঢলি পৰে আৰু লগে লগে মৃত্যু হয়। সেই লাইভ মৃত্যুৰ দৃশ্যও ইতিমধ্যে ভাইৰেল। মহাৰাষ্ট্ৰৰ পালঘৰতো তেনে এটা ঘটনাই ঘটিল। নাচি থাকোতেই ঢলি পৰি মৃত্যু হ’ল এজন যুৱকৰ।যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱা হ’ল, চিকিৎসকে মৃত ঘোষণা কৰিলে আৰু সেই ঘোষণা শুনি লগে লগে হাৰ্ট এটেকত মৃত্যুক সাৱটি ললে যুৱকজনৰ পিতৃয়ে। চলিত সপ্তাহৰ তেনে আন এক লাইভ মৃত্যুৰ ঘটনা ঘটিল উৰিষ্যাত। এজন শিল্পীয়ে মঞ্চত গীত গাই থাকোতেই ঢলি পৰে। তেখেতক উঠাই নি মঞ্চৰ পিছফালে চকীত বহিবলৈ দিয়া হয়। কিন্তু কিছুসময় পাছতেই হৃদ ক্ৰিয়া বিকল হৈ ব্যক্তিজনৰ মৃত্যু ঘটে।
 
কেমেৰাৰ সন্মুখতে ঘটা এনে প্ৰায়ভাগ মৃত্যুৰেই কাৰণ চিকিৎসকে হাৰ্ট এটেক বুলি দাবী কৰিছে। কিন্তু ইমান সুস্থ অৱস্থাত নৃত্য গীত কৰি থকা এজন ব্যক্তিৰ হঠাৎ কেনেকৈ হাৰ্ট এটেক ঘটিব পাৰে? নৃত্য গীত হাৰ্ট এটেকৰ কাৰণ হব পাৰে নেকি? ইমান গোপনে এজন ব্যক্তিক কেনেকৈ হঠাৎ আক্ৰমণ কৰে 'হাৰ্ট এটেকে'?
 
চিকিৎসা বিজ্ঞানৰ মতে চাইলেণ্ট হাৰ্ট এটেকৰ তেনে কোনো শক্তিশালী উপসৰ্গ নাথাকে। মানুহৰ দেহত দেখা দিয়া সৰু সৰু কিছুমান উপসৰ্গও চাইলেণ্ট হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে, যিসমূহক সাধাৰণতে মানুহে এৰাই চলে। গুৰুত্বপূৰ্ণ কথাটো হ’ল, সকলোধৰণৰ হাৰ্ট এটেকৰ ভিতৰত 40 শতাংশতকৈ অধিক চাইলেণ্ট হাৰ্ট এটেক। সাধাৰণতে অত্যাধিক মানসিক চাপ,অত্যাধিক শাৰীৰিক আৰু মানসিক হেঁচা, হঠাতে শাৰীৰিকভাৱে অধিক সক্ৰিয় হৈ উঠা আদি চাইলেণ্ট হাৰ্ট এটেকৰ কাৰক হ’ব পাৰে। শেহতীয়া দিনকেইটা এনে মৃত্যুৰ ঘটনা হঠাৎ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। ভাইৰেল হৈ পৰা লাইভ মৃত্যুৰ ঘটনা কেইটাই তাৰ উদাহৰণ। ইয়াৰ যথাযথ বৈজ্ঞানিক বিশ্লেষন আৰু সচেতনতাৰ বাবে প্ৰদক্ষেপ লোৱাটো প্ৰয়োজনীয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।