আহক ৰাহুল গৌতম শৰ্মাক ৰাজহুৱাভাৱে ফাঁচী দিও!

 01/11/2023 - 17:50

ছ’চিয়েল মিডিয়া আৰু একাংশ সংবাদ মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছে৷ ভিডিঅ’টোত এজন গায়কে মদৰ নিচাত মঞ্চত পৰি গৈছে আৰু মহিলা আৰক্ষীক নাচিবলৈ হাতত ধৰা দেখা গৈছে৷ এই ভিডিঅ’টোক লৈ এইকেইদিন ব্যাপক চৰ্চা দেখা গৈছে৷ মঞ্চত ঢলি পৰা গায়কজন হ’ল এসময়ৰ কটনীয়ান তথা দিল্লীত উচ্চ শিক্ষা গ্ৰহণ কৰি থকা ছাত্ৰ ৰাহুল গৌতম শৰ্মা৷

জীৱনত ভুল কাৰ নহয়! অজানিতে হওক বা পাকচক্ৰত পৰিয়েই হওক মানুহৰ ভুল হয় আৰু এই ভুলৰ সংশোধন থাকে৷ মদ খাই মাতলামি কৰাটো গ্ৰহণযোগ্য নহয়৷ ব্যক্তিগতভাবে মই মদ ভাং বা ধূম্ৰপান নকৰো আনে কৰিলেও অস্বস্তি পাও৷

চৰকাৰে মদৰ লাইচেঞ্চ দিলেও পৰিবহণ বিভাগে মদ খোৱা মানুহৰ মান সন্মান ৰাজহুৱাভাৱে নিলাম কৰি আছে৷ মদৰ নিচাত মাতাল হৈ থকা সাংবাদিকেও মদ্যপান কৰা ব্যক্তিৰ বিৰুদ্ধে ধাৰাবাহিক নিউজ কৰি আছে৷ মুঠতে মদক লৈ  এখন ভাল নাটক চলি আছে৷

ৰাহুল গৌতম শৰ্মাই মদ সেৱন কৰি গীত পৰিৱেশন কৰিছে৷ মদৰ নিচাত কি কৰিছে নিজেই গম পোৱা নাই৷ কিন্ত ৰাহুলৰ এটা ভুলৰ বাবে এজন মানুহক হত্যা নকৰিব৷ ৰাহুলক সমালোচনা কৰিবলৈ গৈ আপোনালোকে যি হতাশাগ্ৰস্ততাৰ পৰিচয় দিছে, সেয়া কিন্ত শুভ লক্ষণ নহয়৷
হয়, ৰাহুলে মদ খাই মাতলামি কৰিছে,অভদ্ৰামী কৰিছে তাৰবাবে গৰিহণাৰ যোগ্য, সমালোচনাৰ যোগ্য৷ 

এই ভুলৰ বাবে ৰাহুলক আত্মহত্যা কৰিবলৈ বাধ্য নকৰিব৷ ৰাহুলে কাকো হত্যা কৰা নাই অথবা ধৰ্ষণৰ নিচিনা কোনো কামতো জড়িত নহয়৷ ৰাহুলে মদ খাই মাতলামি কৰিছে তেওঁক গালত দুচৰ মাৰক কিন্ত সংশোধন হ’বলৈ সুযোগ দিয়ক৷

ভুল কৰি বা পিচলি পৰি থমকিব নালাগিব, পুনৰ নতুন উদ্যম আৰু সাহসেৰে জীৱনৰ দৌৰত দৌৰিব লাগে৷ আমিও জীৱনত বহুত ভুল কৰিছো, শাস্তি লাভ কৰিছো৷
যিবিলাকে সমালোচনাৰ নামত ইমান তললৈ নামি আসুৰিক তৃপ্তি লাভ কৰিছে, তেওঁলোকে বাৰু জীৱনত একো ভুল কৰা নাইনে?
হলা গছত বাগীকুঠাৰ মৰা সহজ, আমাৰ এটা নিউজৰ ভুলৰ বাবে কিদৰে একাংশ সতীৰ্থই ষড়যন্ত্ৰ ৰচিছিল ভাবিলে আচৰিত লাগে৷ নিজেই ভুক্তভোগী বাবে কিছুমান কথা হৃদয়ঙ্গম কৰিব পাৰো৷

সাংবাদিক গৌতমদাৰ দেউতাকক জানিছিলো৷ সহজসৰল মাটিৰ মানুহ আছিল৷ আজিৰপৰা ১৩বছৰ মান আগতে আমি সৰু ল’ৰাকেইজনমানে উলিওৱা কাকত এখনৰ তেজপুৰ সংস্কৰণ আৰু কাৰ্যালয় উদ্বোধন কৰিবলৈ গৈ গৌতম শৰ্মাৰ দেউতাকৰ সংগ লাভ কৰিছিলো৷ অত্যন্ত সহজসৰল মানুহজনৰ আন্তৰিকতা দেখি মুগ্ধ হৈছিলো৷ আজি ৰাহুলৰ এটা ভুলৰ বাবে পিতৃমাতৃক যিদৰে সমালোচনা কৰা হৈছে, এয়া বন্যা উল্লাসৰ বাহিৰে একো নহয়৷ সাংবাদিক গৌতম শৰ্মাৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক নাই কিন্ত কেইবাখনো সভাত একেলগে অতিথি হোৱাৰ সুযোগ লাভ কৰিছো৷ আজি পুত্ৰৰ এটা ভুলৰ বাবে পিতৃমাতৃৰ সমস্ত গৌৰৱ সন্মান ধূলিসাৎ কৰি দিব বিচৰা শক্তিৰ বিৰুদ্ধে কিন্ত আমি মাত মাতিম৷
কোনোবাই কাৰোবাক ঢুকি নাপালে বুলিয়েই যে ধ্বংস কৰি দিব এইটো কেনেধৰণৰ কথা! গৌতমদাৰ লগতে আৰু বহু সাংবাদিক কাৰোবাৰ বাবে ঈৰ্ষাৰ কাৰণ,বেয়া পালে বুলিয়েই চান্সতে ডেন্স মাৰা মানুহক বেয়া পাও৷

ৰাহুল গৌতম শৰ্মাই ভুল কৰিছে, বলিয়ালি কৰিছে তেওঁক পৰিয়ালে কঠোৰভাৱে নিয়ন্ত্ৰণ কৰক৷ ৰাহুলৰ বলিয়ালি বা ভুলবোৰ আঙুলিয়াই দি সমালোচনা কৰি সৎ পথলৈ অনাৰ দায়িত্বও আপোনাৰ বা আমাৰ৷ হেজাৰজনে বেয়া বুলি কলেও ৰাহুলৰ প্ৰতিভাক অস্বীকাৰ কৰিব নোৱাৰো৷ অহংকাৰ আৰু বলিয়ালি পৰিহাৰ কৰি ভালদৰে সাধনা কৰিলে এদিন ৰাহুলে আকাশ চুব,এটা সৰু ভুলৰ বাবে তাক নিঃশেষ নকৰিব৷

 

by তফিকউদ্দিন আহমেদ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।