05/01/2019 - 17:08
in
গোৰেশ্বৰঃ ভাৰতীয় যুৱ মৰ্চাৰ কৰ্মীসকলে অসম পাব্লিক ৱৰ্কচৰ সভাপতি অভিজিৎ শৰ্মাৰ পুত্তলিকা দাহ কৰে গোৰেশ্বৰৰ মাজমজিয়াত। অভিজিৎ শৰ্মাই জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে যি দুৰ্নীতিৰ অভিযোগ আনিছে সেয়া সম্পূৰ্ণ মিছা বুলি দাবী কৰে যুৱ মৰ্চাৰ কৰ্মীসকলে।
লগতে সংগঠনটোয়ে কয় যে ভৱেশ কলিতাই এনে দুৰ্নীতি কেতিয়াও নকৰে| অভিজিৎ শৰ্মাই মন্ত্ৰী ভৱেশ কলিতাৰ ভাৱমূৰ্তি বিনষ্ট কৰিবৰ বাবে এনে নিকৃষ্ট ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি কয় যুৱ মৰ্চাৰ কৰ্মীয়ে। তেখেতৰ ভাবমূৰ্তি বিনষ্ট কৰাতো কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি প্ৰতিবাদকাৰীসকলে কয়। এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে উত্তৰ কামৰূপ জিলাৰ যুৱমৰ্চাৰ সম্পাদক ঋষভ ৰঞ্জন দাসৰ লগতে উপ সভাপতি সমৰেন্দ্ৰ শৰ্মা।