বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতি গঠন

 05/01/2019 - 20:02

ডিব্ৰুগড়ঃ অসমৰ অন্যতম জাতীয় সংগঠন বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক দুৰ্বলতা তথা একনায়কত্বাবাদৰ মূল গুৰি ধৰোতা ৰতন দাসৰ নেতৃত্বৰ কেন্দ্ৰীয় সমিতিৰ কৰ্মকাণ্ডত ক্ষুন্ন হৈ আজি সমূহ জিলা সমিতিৰ উপস্থিতিত এক জৰুৰী প্ৰতিনিধি সভা অনুষ্ঠিত হয়।

পদ্মকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অনাগত দিনৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পদ্মকান্ত দাস,বিপুল মহন্ত, অশ্বিনী বেজবৰুৱা,নৱজ্যোতি বৰুৱাক কাৰ্য্যকৰী সভাপতি, প্ৰণৱজ্যোতি সন্দিকৈ সচিৱ প্ৰধান,কৃষ্ণ গগৈ,আকাশ শইকীয়াক সহঃসচিৱ হিচাপে লৈ শক্তিশালী ৰূপত সমিতিখন গঠন কৰা হয়।

উক্ত সভাত অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত আপোচ বিহীনভাৱে সংগ্ৰাম অধিক শক্তিশালী ৰূপত আগুৱাই নিয়াৰ সংকল্পবদ্ধ হয় লগতে অবৈধ অৰুনাচলী সুৰাৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে কাৰ্য্যসূচী গ্ৰহন কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ন সিদ্ধান্ত গ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।