ডিজিটেল ডেস্কঃ অবড়ো সুৰক্ষা সমিতি অসম-এ এক বিবৃত্তি যোগে কয় যে বিটিএডি এলেকাৰ পৰা অবড়ো জনগোষ্ঠী সমূহক বিভিন্ন অজুহাতৰ গইনা লৈ এই অঞ্চলৰ পৰা স্থানান্তৰ কৰি বড়ো জনগোষ্ঠীক সংখ্যাগৰিষ্ঠ দেখুৱাই এক কৃত্তিম বড়োলেণ্ড গঠনৰ দিবাস্বপ্ন আজিৰ নহয়। এয়া এক অসমক অস্থিৰ কৰা দীৰ্ঘম্যাদী আচনি।
এই আঁচনিৰ ৰূপকাৰ সকল কেতিয়াবা বিপিএফ কেতিয়াবা এনডিএফবি কেতিয়াবা এবচু আদিৰ বিভিন্ন সংগঠনৰ নামত চলি আছে আৰু চলি থাকিব। ইয়াত অবড়ো সকল তিলমানো চিন্তিত নহয়।২০০৩ চনৰ পুনৰাবৃতি কোনোপধ্যে আৰু হবলৈ দিয়া নহ’ব। এই সকল ধুমকেতু সদৃশ নেতাই নাজানে হ’বলা যে তেওঁলোকৰ পূৰ্বপুৰূষসকল ডিমাপুৰ মাইবং কহিমা আদি ঠাইত বসবাস কৰি থাকোতে আমাৰ ককা আতা হঁতে অসমৰ উত্তৰ প্ৰান্তত জংঘল ভাঙি জীৱন নিৰ্বাহ কৰাৰ তথ্য আজিও বিৰাজমান।
বিভিন্ন যুদ্ধৰ সময়ত বড়ো সকলৰ অৱস্থা পানীত হাঁহ নচৰা অৱস্থা হোৱাত এই অঞ্চলত অন্য জনগোষ্ঠীৰ সৈতে একেলগে বসবাস কৰিছিল। ট্ৰাইবেল বেল্ট আৰু ব্লকৰ সৃষ্টিৰ লগে লগে প্ৰতি দহ বছৰৰ মূৰে মূৰে উক্ত অঞ্চল সম্পৰ্কে পুনৰালোচনা হ’ব লাগে যিটো নেকি আজি প্ৰায় সত্তৰ বছৰে হোৱা নাই। সেয়ে আমি স্পষ্ট কৰি দিওঁ যে যদি বিটিএডিৰ চিৰাং জিলাত অনা-অসমীয়া বাবা ৰাম দেৱে ভূমি পাব পাৰে তাৰ পাছত কোন বাপৰ বেতাই অজনজাতীয়ক উচ্ছেদ কৰে সময়ে তাৰ উত্তৰ দিব।