ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ হাড়চুৰা চাহ বাগিচাত মে দিৱস উপলক্ষে এক সজাগতা সভা অনুষ্ঠিত হয়। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত সভাত বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ লগতে এক সজাগতা সভা অনুষ্ঠিত হয়। হাড়চুৰা চাহ বাগিচাৰ স্থানীয় অৰ্ধ আইনী স্বেচ্ছাসেৱক আলবিনা বাগে আঁত ধৰা সভাত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ জেষ্ঠ অধিবক্তা আভা বৰাই কয় যে বৰ্তমান সময়ত শ্ৰমিক শোষণৰ বলী হৈছে।
শ্ৰমিকে নিজৰ অধিকাৰ খৰ্ব হোৱা অনুভৱ কৰিলে আইনৰ সহায় ল’ব লাগে। তেখেতে শ্ৰমিকসকলৰ প্ৰভিডেন্ট ফান্ডৰ ওপৰত আলোকপাত কৰে। পুৰুষ মহিলা নিৰ্বিশেষে প্ৰত্যেক শ্ৰমিকে সমান দৰমহাৰ অধিকৰী বুলিও তেওঁ কয়। অধিবক্তা আভা বৰাই শ্ৰমিক আইনৰ বিষয়ে বিতংকৈ ৰাইজৰ আগত বক্তব্য আগবঢ়ায়।সভাত অংশগ্ৰহণ কৰি জিলা সহকাৰী শ্ৰম আয়ুক্ত ভৱজিত দলেই শ্ৰমিক দিৱসৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰে। শ্ৰম বিভাগৰ পেন্সন আঁচনিৰ বিষয়ে তেওঁ ৰাইজক অৱগত কৰে। বিভিন্ন চৰকাৰী আঁচনিৰ বিষয়ে জানিবলৈ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ তেওঁ শ্ৰমিক ৰাইজক আহ্বান জনায়।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰি জিলা শিশু সুৰক্ষা গোটৰ সমাজ সেৱক হৰ্ষজ্যোতি ফুকনে কয় যে প্ৰত্যেক নাগৰিকে নিজৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। শ্ৰমিকৰ উন্নয়নৰ বাবে চৰকাৰে কেইবাটাও আচনি প্ৰস্তুত কৰিছে বুলি তেওঁ কয়। সমাজ কল্যাণ বিভাগৰ শিশু সুৰক্ষা আঁচনিৰ ওপৰত তেওঁ আলোকপাত কৰে। ০-১৪ পৰা বছৰৰ ভিতৰত থকা শিশু সকলৰ বাবে জুভেলাইন এক্টৰ অধীনত এই আঁচনি বুলি তেওঁ কয়। ১৪ বছৰ বয়সৰ তলৰ শিশুক কৰ্মত নিয়োজিত কৰা আইন মতে দণ্ডণীয় বুলি তেওঁ অৱগত কৰে। তেওঁ নিজৰ ভাষণত সমাজ কল্যাণ বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে বিতংকৈ ৰাইজৰ আগত দাঙি ধৰে। পিতৃ মাতৃহীন অনাথ শিশুক শিশু সুৰক্ষা গোটৰ লগত যোগাযোগ কৰাবলৈ তেওঁ আহ্বান জনায়।
সভাত বক্তব্য দাঙি ধৰি অধিবক্তা টিংকু বিশ্বকৰ্মাই শ্ৰম আইনৰ ওপৰত আলোকপাত কৰে। অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ লোক,মানৱ অপহৰণ দ্বাৰা পীড়িত আৰু মগনীয়া,মহিলা আৰু শিশুয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰা বিনামূলীয়া আইন সেৱা পায় বুলি তেওঁ ৰাইজক অৱগত কৰে। মানসিকভাৱে অসুস্থ বা বিশেষ ভাৱে সক্ষম ব্যক্তি, প্ৰাকৃতিক দুৰ্যোগত পীড়িত ব্যাক্তি উদ্যোগিক কৰ্মী ,কাৰাগাৰ,কিশোৰ গৃহ, মানসিক চিকিৎসালয়ত আৱদ্ধ ব্যক্তিও বিনামূলীয়া আইন সেৱা পোৱাৰ যোগ্য বুলি তেওঁ নিজৰ ভাষণত উল্লেখ কৰে।
প্ৰায় দুই শতাধিক লোকৰ উপস্থিত অনুষ্ঠিত সভাত হাড়চুৰা চাহ বাগিচাৰ জীতেন উৰাঙৰ নেতৃত্বত এটি নৃত্য দলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে।সভাত ৰঙাপৰাৰ অৰ্ধ আইনী স্বেচ্ছাসেবক আৰু সাংবাদিক ছাহজাহান ছেলিম কুৰেছি, জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়া অপূৰ্বজ্যোতি পণ্ডিত ,হাড়চুৰা চাহ বাগিচাৰ শ্ৰম কল্যাণ বিষয়া আদিত্য ৰাও আৰু অসম চাহ মজদুৰ সন্থাৰ হাড়চুৰা চাহ বাগিচাৰ বিষয়া আত্মাৰাম চনাৰে অংশগ্ৰহণ কৰে। ইপিনে ৰঙাপৰাৰ ইউনিয়ন থিয়েটাৰ হল বাকৰিত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই বৰ্ণাঢ্য কাৰ্যসূচীৰে মে দিৱস উদযাপন কৰে।