05/02/2019 - 14:02
in
টীয়কঃ এয়াই ঢাক-ঢোল বজোৱা অসম চৰকাৰৰ উন্নয়নৰ প্ৰকৃত প্ৰতিচ্ছবি।টীয়ক সমষ্টিৰ ৫ নং পূৱ টীয়ক পঞ্চায়তৰ অন্তৰ্গত জাঁজী এজাৰগুৰি দলঙৰ এই অৱস্থা৷ আজিও নুগুচিল গাঁওবাসীৰ দুৰ্দশা৷
প্ৰতিটো বাৰিষাতে ভাঙে বাঁহৰ দলঙখন৷ এইবাৰো ভাঙিল সেই দুৰ্ভগীয়া জনতাৰ একমাত্ৰ টীয়ক নগৰ সংযোগী দলঙখন৷ শ্ৰীলংকাৰ পৰা ভাৰত অহাৰ দৰে চিন্তাৰ বিষয় হৈ পৰিছে এজাৰগুৰিৰ পৰা টীয়ক যাবলৈ৷ সাৰ পাব নে ৰজাঘৰীয়া? ক্ষোভিত গাঁওবাসীৰ দুখ দুৰ্দশাৰ খবৰ ল'বলৈ আহৰি পাব নে জনপ্ৰতিনিধিয়ে?