চেন্নাইত ভয়ংকৰ পৰিবেশ সৃষ্টি কৰিছে ঘৰমুৱা অসমীয়া শ্ৰমিকে: অসম ভৱনত হাহাকাৰ পৰিবেশ

 05/14/2020 - 16:03

উৎপল কুমাৰ কলিতা: কেন্দ্ৰীয় চৰকাৰ তথা ৰে'লবিভাগে নিজ নিজ ৰাজ্যলৈ ঘূৰি যাব বিচৰা শ্ৰমিকৰ বাবে বিশেষ ৰে'লৰ ব্যৱস্থা কৰি নিৰ্দিষ্ট ৱেবছাইটত টিক বুকিং কৰিব পাৰিব বুলি কৈছিল যদিও ৱেবছাইট ই-টিক বুকিং ব্যৱস্থা সুচল নোহোৱাত হাহাকাৰ হৈছে চেন্নাইত কৰ্মৰত হাজাৰ হাজাৰ অসমীয়াৰ। বুধবাৰে চেন্নাই অসম ভৱনত ৰে'লৰ টিকৰ ব্যৱস্থা কৰা হয় যদিও নিমিষতে হাজাৰ হাজাৰ অসমীয়াৰে ভৰি পৰে অসম ভবনৰ চৌহদ।

নিমিষতে ভাঙি যায় সামাজিক দূৰত্বৰ প্ৰশ্ন। বুকু কপি যোৱাকৈ সম্পূৰ্ণ সামাজিক দূৰত্ব ভংগ কৰি গাৰ ওপৰত গা হেচি ধৰি টিকৰ বাবে হয় অভাবনীয় পৰিবেশ। আজি দুপৰীয়া পৰ্যন্ত ২৪ ঘন্টা শাৰী পাতিও বহুতে টিকট সংগ্ৰহ কৰিব পৰা নাই। ইফালে বহুতে ভাড়াঘৰ এৰি দি অসমলৈ আহিবৰ বাবে টালি টোপোলা বান্ধি ওলাই আহিছিল। যাৰ বাবে অসম ভৱনৰ কাষৰ প্লে গ্ৰাউণ্ডত মুকলি আকাশৰ তলত নিশা উজাগৰে কটাব লগা অজস্ৰজনে।

ভোকে, পিয়াহে বহুতৰে অৱস্হা নাই। এই সকলৰ মাজত আছে বহু মহিলা আৰু শিশুও। ইফালে আজি পুৱাৰে পৰা অসম ভৱনত ঘৰমুৱা টিকট বিচাৰি ভয়ংকৰ ভিৰৰ সৃষ্টি হয়। পাছ হাজাৰৰ অধিক লোকে টিকট দিব নোৱাৰা পৰ্যন্ত অসম ভৱনতে আশ্ৰয়ৰ দাবী কৰাত বিমোৰত পৰিছে অসম ভৱন কৰ্তৃপক্ষ। আনকি এটা সময়ত পৰিস্হিতি উত্তাল হৈ পৰে আৰু জয় আই অসম ধ্বনী দি পৰিবেশ উত্তপ্ত কৰি তোলে হাজাৰ হাজাৰ অসমীয়াই। এনে পৰিবেশত বহুতে লঘোনে, পিয়াহে আনকি কোলাত কেচুৱা লৈ কিমান দিন মুকলি ঠাইত কটাব লগা হয় তাৰ কোনো নিশ্চয়তা নোহোৱা হৈছে।

আনহাতে চেন্নাইত ক'ৰণাৰ দ্ৰুত ক'ণা সংক্ৰমৰ মাজত সামাজিক দূৰত্ব শূণ্য কৰি হাজাৰ হাজাৰ অসমীয়াৰ ভিৰে আন এক ভয়বহতাত কপাই তুলিছে। এই ক্ষেত্ৰত অসম চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে চেন্নাইৰ পৰা অসমলৈ আহিব বিচৰাসকলে। এতিয়া অসম চৰকাৰে গুৰুত্ব সহকাৰে বিষয়টোৰ সমাধান নকৰিলে হাজাৰ হাজাৰ অসমীয়া পৰিব চৰম বিপদত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।