সাংসদ পুজি ব্যয়ত ব্যৰ্থ ৰাজেন গোহাঁই-গৌৰৱ গগৈঃ বিগত পাঁচটা বছৰে অব্যৱহৃত বৃহৎ পৰিমাণৰ ধন

 05/02/2019 - 18:13

নগাঁওঃ কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈৰ দখলত থকা কলিয়াবৰ আৰু বিজেপিৰ দলৰ সাংসদ ৰাজেন গোহাঁইৰ দখলত থকা নগাঁও সংসদীয় সমষ্টি দুটাত প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰৰৰ আবন্টিত ধন ব্যয় কৰাত চুড়ান্ত ভাবে ব্যৰ্থ হ'ল দুগৰাকী সাংসদ। অৱশ্যে সাংসদ পুঁজিৰ যিখিনি ধন বিভিন্ন আঁচনিৰ বিপৰীতে ব্যয় কৰা দেখুৱাইছে, তাৰ বহু আঁচনিৰ অস্তিত্ব বিচাৰি পাবলৈ নাই। প্ৰাপ্ত তথ্য মতে, কলিয়াবৰ সংসদীয় সমষ্টিৰ বাবে বিগত ২০১৪ চনৰ পৰা ২০১৯ চনলৈ সাংসদ পুঁজিৰ মুঠ ২৫ কোটি ধাৰ্য কৰা হৈছিল।

ইয়াৰে ১৭.৫০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে আৰু সাংসদ গৰাকীয়ে বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ১৪.৭৯ কোটি টকা ব্যয় কৰিছে। আনহাতে, বৰ্ষ ভিত্তিত সাংসদ পুঁজি ধনৰ আবন্টন লাভ কৰা তথ্য অনুসৰি, ২০১৪-১৫ বৰ্ষত মুঠ আবন্টিত ৫ কোটিৰ টকাৰ বিপৰীতে ৪.৫১ কোটি টকা ব্যয় কৰা হৈছে। ২০১৫-১৬ বৰ্ষত আবন্টিত মুঠ ৫ কোটি টকাৰ বিপৰীতে ৪.৬২ কোটি টকা ব্যয় কৰা হৈছে। ২০১৬-১৭ বৰ্ষত মুঠ আবন্টিত ৫ কোটি টকাৰ বিপৰীতে ৩.৭৪ কোটি টকা ব্যয় কৰা হৈছে। উল্লেখ্য যে সাংসদ গৌৰৱ গগৈয়ে ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত সাংসদ পুঁজিৰ কোনো ধনৰ আবন্টন লাভ কৰা নাই। ইপিনে, নগাঁও সংসদীয় সমষ্টিত সাংসদ ৰাজেন গোহাঁইয়ে ২০১৪ চনৰ পৰা ২০১৯ বৰ্ষলৈ মুঠ ২৫ কোটি টকা ধাৰ্য কৰা হৈছে। ইয়াৰে ২২.৫০ কোটি টকা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে।

এই আবন্টিত পুঁজিৰ বিপৰীতে সাংসদ গৰাকীয়ে সমষ্টিখনত বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে ২৪.৬৯ কোটি টকাৰ আচনি প্ৰস্তুত কৰি অনুমোদনৰ বাবে প্ৰেৰণ কৰিছে। এইদৰে তেওঁ আবন্টিত ধনৰ প্ৰায় ২ কোটি টকাৰ অতিৰিক্ত আ‍ঁচনি প্ৰেৰণ কৰা বুলি প্ৰাপ্ত তথ্যত প্ৰকাশ। আনহাতে, নগাঁও সংসদীয় সমষ্টিত বৰ্ষ ভিত্তিত আবন্টিত পুঁজি আৰু ব্যয় কৰা ধনৰ পৰিমাণ হ'ল-২০১৪-১৫ বৰ্ষত আবন্টিত ৫ কোটি টকাৰ বিপৰীতে এই বৰ্ষটোত ৪.৮৩ কোটি ব্যয় কৰা হৈছে। ২০১৫-১৬ বৰ্ষত সম পৰিমাণৰ পুঁজি অৰ্থাৎ ৫ কোটি টকাৰ আবন্টন লাভ কৰাৰ বিপৰীতে ৪.৮৩ টকা ব্যয় কৰা হৈছে। ২০১৬-১৭ বৰ্ষত ৫ কোটি টকা আবন্টন লাভ কৰাৰ বিপৰীতে ৪.৭০ কোটি ব্যয় কৰা হৈছে। ২০১৭-১৮ বৰ্ষত ৫ কোটিৰ বিপৰীতে ৪.৫৪ কোটি টকা ব্যয় কৰিছে। মন কৰিবলগীয়া বিষয় এই যে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে মুঠ আবন্টিত ধনৰ ৭৭.৫২ শতাংশ পুঁজি ব্যয় কৰিছে।

অতি আশ্চৰ্যকৰ বিষয় এই যে সাংসদ গৰাকীৰ দ্বাৰা ৪.২৪ কোটি টকা অব্যৱহৃত হৈ আছে। আনহাতে, নগাঁও সংসদীয় সমষ্টিৰ সাংসদ ৰাজেন গোহাঁইয়ে সাংসদ পুঁজিৰ অধীনত লাভ কৰা আবন্টিত মুঠ পুঁজিৰ ৮৩.৪২ শতাংশ ধনহে ব্যয় কৰিছে। আনহাতে, তেওঁৰ অব্যৱহৃত ধনৰ পৰিমাণ ৪.৭ কোটি টকা। তাৎপৰ্যপূৰ্ণ বিষয় এই যে নগাঁও সংসদীয় সমষ্টিৰ পৰা চাৰিবাৰ কৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী সভাত ৰাজেন গোহাঁইয়ে কেন্দ্ৰীয় ৰেল মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত হোৱাৰ পিছতো সংসদীয় সমষ্টি এলেকাত কোনো এটা চকুত লগা আঁচনি ৰূপায়ণ কৰিবলৈ সক্ষম নোহোৱাটো অতি দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। ইয়াৰ বিপৰীতে সাংসদৰ মজিয়ালৈ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা প্ৰথম বাৰৰ বাবে নিৰ্বাচিত গৌৰৱ গগৈৰ কৰ্ম নমুনাও অতি পুতৌজনক|

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।