ডবকা: ৰাজ্য কঁপাই যোৱা ডবকাৰ গণধৰ্ষণ কাণ্ডৰ পঞ্চম তথা অন্তিমজন অভিযুক্তক যোৱা নিশা ডবকা আৰক্ষীয়ে হোজাইৰ পৰা গ্ৰেপ্তাৰ কৰে৷ ধৃত লোকজন ডবকাৰ দীঘল জাৰুনী গাঁৱৰ আব্দুল মতিন৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা এক গোপন তথ্যৰ ভিত্তিত ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলোৎপল ভূঞাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে হোজাইৰ ৰে'লৱে ষ্টেচনৰ সমীপত অভিযান চলায়৷
আৰক্ষীৰ এই অভিযান কালত ডবকাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ পঞ্চম তথা অন্তিমটো অভিযুক্ত আব্দুল মতিনক গ্ৰেপ্তাৰ কৰে৷ গ্ৰেপ্তাৰ কৰা আব্দুল মতিনক বৰ্তমানে ডবকা আৰক্ষী মাৰাথান জেৰা অব্যাহত ৰাখিছে৷ যোৱা ২৭ এপ্ৰিলত অসম নাগালেণ্ড সীমান্ত ধনশিৰিৰ পৰা গ্ৰেপ্তাৰ কৰা আব্দুল আলিম আৰু কালি গ্ৰেপ্তাৰ কৰা আব্দুল মতিনৰ পৰিকল্পনাতেই এই জঘন্য ঘটনাটো সংঘটিত হৈছিল৷
অতি কম সময়ৰ ভিতৰত ডবকা আৰক্ষীয়ে তৎপৰতাৰে এই ঘৃণনীয় ঘটনাৰ লগত জড়িত থকা আটাইকেইটা অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱাত আদৰণী জনাইছে ডবকাৰ সচেতন ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে৷ লগতে আইনৰ সুৰুঙাৰে যাতে অপৰাধী কেইটা সাৰি যাব নোৱাৰে তাৰ বাবে উচিত পদক্ষেপ ল'বলৈকো ডবকা আৰক্ষীক অনুৰোধ জনাইছে ডবকাবাসীয়ে৷
উল্লেখ্য যে ডবকা আৰক্ষী থানাৰ অন্তৰ্গত দীঘল জাৰুণী গাৱৰ শালবাগানত যোৱা ২৩ মাৰ্চত দিলুৱাৰ হুছেইন, গোলাপ হুছেইন, শ্বহীদ আহমেদ, আব্দুল মতিন আৰু আব্দুল আলিম নামৰ পাঁচ পাষণ্ডই এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰিছিল ৷ অকল ধৰ্ষণেই নহয়, সমগ্ৰ ধৰ্ষণকাণ্ড ম'বাইল ফোনত ৰেকৰ্ডিং কৰিছিল আৰু লগতে ঘটনা সন্দৰ্ভত কাৰোবাক কিবা ক'লে ৰেকৰ্ডিং কৰা ভিডিঅ' সামাজিক মাধ্যমত মুকলি কৰাৰো ভাবুকি প্ৰদান কৰিছিল৷
যোৱা ২৪ এপ্ৰিলত পাষণ্ডকেইটাই ৰেকৰ্ডিং কৰা ভিডিঅ' ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱাৰ পাছতেই এই জঘন্য ঘটনাটো পোহৰলৈ আহিছিল৷ ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত ডবকা আৰক্ষীয়ে ২৪ এপ্ৰিলৰ দিনাই গোলাপ হুছেইন, দিলুৱাৰ হুছেইন আৰু শ্বহীদ আহমদক গ্ৰেপ্তাৰ কৰিছিল৷
তিনি অভিযুক্তক লগত লৈ ডবকা আৰক্ষীয়ে চৰজমিন তদন্ত কৰাৰ সময়তো স্থানীয় দণ্ডাধীশৰ সন্মুখত অভিযুক্ত কেইজনে সমগ্ৰ ঘটনা স্বীকাৰ কৰিছিল ৷