মাজবাটত নিৰ্মাণৰ দুমাহৰ পাছতে ভাঙিল ১০ লাখ টকাৰে নিৰ্মাণ কৰা পকী আৰচিচি কালভাৰ্ট

 05/03/2019 - 12:10

ওৰাং: বাৰিষা সমাগত পুনৰ এবাৰ যমৰ যন্ত্ৰনা ভোগ কৰিবলৈ সাজু ৰাইজ। মাজবাট উন্নয়ন খণ্ডৰ অধীনত গৌড় বস্তি গাঁৱত নিৰ্মাণৰ দুমাহৰ পাছতে ভাঙিল পকী আৰচিচি কালভাৰ্ট। দীৰ্ঘদিন ধৰি পকি কালভাৰ্ট নিৰ্মাণ নোহোৱাৰ বাবে বাৰিষা-খৰালি যমৰ যন্ত্ৰনা ভোগি আহিছে গৌড় বস্তিকে ধৰি প্ৰায় চাৰি পাঁচখন গাঁৱৰ লোকে। এই পৰিপ্ৰেক্ষিতত ৰাইজে লাভ কৰিছিল দুটা পকী আৰচিচি কালভাৰ্ট। পকী কালভাৰ্ট নিৰ্মাণ হোৱাৰ বাবে গৌড় বস্তি ৰাইজে দীৰ্ঘদিনীয়া সমস্যাৰ পৰা উদ্ধাৰ হ'ব বুলি আশ্বস্ত হৈছিল।

কিন্তু পকী কালভাৰ্ট নিৰ্মাণ হোৱাৰ দুমাহৰ পাছতে ভাঙি পৰাৰ ফলত পুনৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে গৌড় বস্তি অঞ্চলৰ ৰাইজ। বাৰিষা কালত পানীৰে উপচি পৰে চাৰিখনকৈ গাৱঁলৈ যোৱা গুৰুত্বপূৰ্ণ এই পথটো। পকী কালভাৰ্ট নিৰ্মাণ নোহোৱাৰ পূৰ্বেও গৌৰ বস্তি অঞ্চলৰ ৰাইজে ঠেলাৰেই ৰোগীক চিকিৎসালয়লৈ অনা নিয়া কৰিছিল। বৰ্তমান পকী কালভাৰ্ট নিৰ্মাণ হ'ল যদিও নিম্নমানৰ কাম কৰাৰ বাবে দুমাহতে কালভাৰ্ট ভঙাৰ ফলত পুনৰ পূৰ্বৰ দৰে একে অৱস্থা হৈছে ৰাইজৰ।

এই আৰচিচি কালভাৰ্ট নিৰ্মাণৰ কাম চলি থকা অৱস্থাত ৰাইজে বিভাগীয় অভিযন্তাক পকী কালভাৰ্ট নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱা বুলি অবগত কৰিছিল। কিন্তু বিভাগীয় অভিযন্তাই ৰাইজক পকী কালভাৰ্ট নিৰ্মাণৰ কাম প্ৰাক্ কলন মতে আৰু উন্নত মানৰ হোৱা বুলি দাবী কৰিছিল। কিন্তু আৰচিচি কালভাৰ্ট নিৰ্মাণৰ দুমাহৰ পাছতে এখন গাড়ী কালভাৰ্টটোৰ ওপৰৰে পাৰ হওঁতেই কালভাৰ্টটো ভাঙি পৰে।

উল্লেখযোগ্য যে, গৌড় বস্তি অঞ্চলৰ চাৰি পাঁচখন গাঁৱৰ লোকৰ লগতে কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰে এই কালভাৰ্টটোৰেই। সমাগত বাৰিষা গতিকে আৰচিচি কালভাৰ্টটো ভঙাৰ বাবে বাৰিষা চাৰি পাঁচখন গাঁৱৰ ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে জীয়াতু ভুগিবলগীয়া হ'ব সেইয়া প্ৰায় নিশ্চিত।

গৌড় বস্তি ৰাইজৰ গুৰুতৰ অভিযোগ বি টি চি পৰিষদৰ ৩৯ নং পাচনৈ চেৰফাং সমষ্টিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীৰ ঘনিষ্ঠ আছিল আৰচিচি কালভাৰ্ট নিৰ্মাণৰ কাম লাভ কৰা ঠিকাদাৰগৰাকী।

আৰু ঠিকাদাৰগৰাকীয়ে আৰচিচি কালভাৰ্ট নিৰ্মাণৰ কাম অতি নিম্নমানৰ হোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে সংশ্লিষ্ট বিভাগে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।