এটা পথে জীয়াতু ভোগাইছে দলগাঁৱৰ ৰাইজক

 05/03/2019 - 14:11

দলগাঁওঃ এটা পথে জীয়াতু ভোগাইছে পথচাৰীৰ লগতে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক। নামত পথ যদিও সামান্য বৰষুণত কৃত্ৰিম বানৰ সৃষ্টি হৈ চিন চাব নোহোৱা হৈ পৰে দৰঙৰ দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় সংযোগী পথ চোৱা।

পথৰ কাষত থকা উদ্যোগৰ পৰা নিৰ্গত দুৰ্গন্ধময় জমা পানী আৰু বৰষুণৰ পানী একাকাৰ হৈ যমৰ যাতনা দিছে পথচাৰী আৰু স্থানীয় বাসিন্দাক। পানী নিষ্কাশনৰ ব্যৱস্থা নথকাত দুৰ্গন্ধময় জমা পানীয়ে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী আৰু স্থানীয় বাসিন্দাৰ জনস্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি।

দীৰ্ঘদিন ধৰি পথৰ কাষৰ উদ্যোগৰ নিৰ্গত দুৰ্গন্ধময় জমা পানীয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ পিছতো জিলা প্ৰশাসনৰ নীৰব ভূমিকাই বিপাঙত পেলাইছে স্থানীয় ৰাইজৰ লগতে আদৰ্শ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।