তামুলপুৰ: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৰ গয়বাৰীত নিশা বন্যহস্তীৰ উপদ্ৰৱ৷ নিশা তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ ভূটান সীমান্তৰ গয়বাৰীত এটা বন্যহস্তীয়ে উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি চূড়মাৰ কৰাৰ লগতে বাৰীৰ তামোল, মালভোগ কলৰ বাগান খায় তহিলং কৰে৷ বন্যহস্তীৰ তাণ্ডৱত সম্পূৰ্ণ গৃহহীন হৈ পৰে কেইবাটাও পৰিয়াল৷
হাতীৰ আক্ৰমনত বাক্সা জিলা গোর্খা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰী গুৰুতৰভাবে আহত হয়। লগতে কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজনো শিশু-মহিলাসহ অসুস্থ লোকৰ৷ প্ৰতিকুল বতৰৰ মাজতে নিশা প্ৰকাণ্ড হাতীটোৱে গাঁওখনত উপদ্ৰৱ চলাই আতংকৰ সৃষ্টি কৰে। হাতীৰ উপদ্ৰৱৰ খবৰ পোৱাৰ পিচতেই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বতাহ বৰষুণৰ মাজতে আহত মাধৱ চেত্ৰীক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আনি চিকিৎসা প্ৰদান কৰে ৷
উল্লেখ্য যে মাধৱ ছেত্ৰীৰ ভৰিত আঠটাকৈ চিলাইৰ লগতে শৰীৰৰ বিভিন্ন অংশ আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে বিগত বহুদিন ধৰি হাতী জাকৰ পৰা ফালৰি কাটি ফুৰা লাডেন নামৰ প্ৰকাণ্ড বন্যহস্তীটোৱে সীমান্তৱৰ্তী অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে৷
হাতীৰ আক্ৰমণত আতংকিত হৈ বিনিদ্ৰ ৰজনী কটোৱা বৃহত্তৰ অঞ্চলবাসী ৰাইজে চৰকাৰ তথা বন বিভাগৰ লোকক হাতীটোৰ লগতে হাতীৰ জাকটো খেদি পঠিয়াবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে৷