বিজনী: চিৰাং জিলাৰ বিজনীৰ বিশিষ্ট শিক্ষাবিদ শংকৰ চেটাৰ্জীৰ আজি আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়। আজি পুৱা ৯ বজাৰ পৰা বিজনীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত বিজনীৰ প্ৰবীণ সাংবাদিক নিপেন্দ্ৰ নাৰায়ণ দেব মিশ্ৰ, সমাজ কৰ্মী গোপাল সৰকাৰ, বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অনুপ সৰকাৰ, বিজনী মহকুমাধিপতি দিঠকানন্দ হাজৰিকাৰ লগতে বিজনীৰ কেইবাজনো বিশিষ্ট ব্যক্তি তথা বিজনীৰ বিভিন্ন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতত ৰজহুৱাকৈ আদ্যশ্ৰাদ্ধৰ লগতে 'উন্মেষ' নামৰ স্মৃতিচাৰণ গ্ৰন্থ উন্মোচন কৰে। তেখেতৰ মৃত্যুত বিজনীৰ সকলো দল সংগঠনৰ লগতে বিদ্যালয়ৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰে।
লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমাবেদনা জ্ঞাপন কৰে। জীৱিত কালত তেখেতে শিক্ষাৰ পোহৰ বিলোৱাৰ লগতে বিভিন্ন সামাজিক কামত অংশগ্ৰহণ কৰি সমাজসেৱাৰ উপৰি বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰিছিল। তেওঁ বিভিন্ন সমস্যা সন্দৰ্ভত আলোকপাত কৰি তেখেতৰ সুমধুৰ কণ্ঠেৰে ৰাইজক সজাগ কৰিছিল।
তেখেতৰ মৃত্যুত বিজনীবাসী ৰাইজৰ লগতে সকলো দল সংগঠনে শোক প্ৰকাশ কৰে।