নগাঁও: নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু আব্দুল হাচিম উচ্চতৰ মাধ্যমিক বিদ্যালয় হোজাই লিগেল লিট্ৰাৰেচী ক্লাছৰ সহযোগত শনিবাৰে বিদ্যালয়ৰ সভাগৃহত পুৱা ১১ বজাত ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ সঞ্চালনাত এখনি "আইনী সাক্ষৰতা পাঠদান" শীৰ্ষক এটি সজাগতা সভা অনুষ্ঠিত হয়।
নগাঁও ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে ন্যায় সেৱা প্ৰাধিকাৰী আইন ১৯৮৭ ৰ ব্যাখ্যা আগবঢ়ায়। ন্যায় সেৱা প্ৰাধিকাৰীয়ে বৰ্তমান কৰি অহা বিভিন্ন সজাগতা সভা, নিজ ঘৰতে নিপিড়িত, নিৰ্যাতিত, দিব্যাংগ, দৰিদ্ৰ, মানসিকভাবে সক্ষম লোকসকলকৰ হৈ কৰা উন্নয়ন, গঠনমূলক কামসমূহৰ ওপৰত ন্যায় সেৱা প্ৰাধিকাৰীয়ে কৰি অহা বিষয়সমূহৰ ব্যাখ্যা আগবঢ়ায়।
আজিৰ এই সজাগতা সভাখনিত ন্যায় সেৱা প্ৰাধিকাৰীৰ পেনেল অধিবক্তা ৰূপে উপস্থিত থকা ৱাহিদা ৱাৰিচ চৌধুৰীয়ে বাল্য বিবাহ নিষিদ্ধ আইন ১৯২৯ ৰ ওপৰত আৰু পেনেল অধিবক্তা দিপাংকৰ দেৱনাথে শিশু শ্ৰমিক নিৰ্বাৰণী আইন ১৯৮৬ ৰ ওপৰত উপস্থিত শিক্ষক শিক্ষয়িত্রী ছাত্র ছাত্রীসকলৰ আগত বহল ৰূপত ব্যাখ্যা আগবঢ়ায়।
অনুষ্ঠানত ন্যায় সেৱা প্ৰাধিকাৰীৰ অৰ্ধআইনী সহায়ক ক্ৰমে- দ্বীপেন শইকীয়া, পাপুমনি বৰা, বিতোপন কোঁৱৰকে ধৰি বহুকেইজন লোক উপস্থিত আছিল।