05/05/2019 - 15:53
in
ডিজিটেল ডেস্ক: গুৰুতৰভাৱে অসুস্থ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ চান্দ মহম্মদ। প্ৰাক্তন অধ্যক্ষ মহম্মদৰ চিকিৎসাৰ দায়িত্ব ল’লে অসম চৰকাৰে। পূৰ্বে জিএনআৰচিত চিকিত্সাধীন হৈ আছিল প্ৰাক্তন অধ্যক্ষগৰাকী। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে আৰ্থিক দীনতাৰ বাবে ঘৰলৈ গুচি গৈছিল মহম্মদ।
কিন্ত্ত পুনৰ তেওঁক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হয়। উল্লেখযোগ্য যে প্ৰাক্তন অধ্যক্ষগৰাকীয়ে অসম বিধানসভাত ১৯৭৯ চনৰ ৭ নৱেম্বৰৰ পৰা ১৯৮৬ৰ ৭ জানুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।