যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে মছলাপাৰা পঞ্চায়তবাসীয়ে

 05/05/2019 - 16:51

ধুবুৰী: ধুবুৰী জিলাৰ বিলাসীপাৰা পশ্চিম বিধানসভা সমষ্টিৰ অনুন্নত এখন পঞ্চায়তৰ নাম হ'ল মছলাপাৰা পঞ্চায়ত। বৃহত্তৰ আণ্ডামাৰী কালাইৰ চৰ আৰু জহৰমুৰা গাঁওৰ ৰাইজে দীৰ্ঘদিন ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগি আহিছে।

আণ্ডামাৰী কালাইৰ চৰৰ ৰাইজৰ একমাত্ৰ যাতায়তৰ মূল মাধ্যম হৈছে গুটিপাৰা-আটানী সংযোগী পথ। খৰালিৰ দিনত লুঙলুঙীয়া পথেৰে অঞ্চলবাসীয়ে যাতায়ত কৰে যদিও বৰষুণৰ সময়ত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হয় উক্ত পথটোত। এজাক বৰষুণ নাইবা নৈৰ পানী বৃদ্ধি পোৱাত ভুটভুটী নাৱেৰে যাতায়ত কৰিবলগীয়া হয় স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলে।

বহু কষ্ট কৰি বিদ্যালয়লৈ অহা যোৱা কৰি শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আহিছে। এনে বিপদ সংকুল যাতায়তৰ ব্যৱস্থা দেখিও নেদেখাৰ ভাও ধৰি আছে স্থানীয় জন প্ৰতিনিধিসকলে।

অনতিপলমে যাতায়তৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে অঞ্চলবাসী ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।