05/05/2019 - 17:59
in
বিজনী: ২৩ এপ্ৰিলত অনুষ্ঠিত হৈ যোৱা ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত বিজনী বৰপথাৰৰ ৩৩ আৰু ৩৪ নম্বৰৰ ভোটগ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ বাবে বন্ধ হৈ আছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। কাইলৈ পুৱা ৭ বজাৰ পৰা আবেলি ৫ বজালৈ কেন্দ্ৰটোত নুতুনকৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
নতুনকৈ ভোটগ্ৰহণৰ বাবে বৰপথাৰ কেন্দ্ৰলৈ আজিয়ে ৰাওনা হৈছে নিৰ্বাচনী বিষয়া কৰ্মচাৰীৰ দল। বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুমৰ পৰা এই কেন্দ্ৰত নিয়োজিত প্ৰায় ১৬ গৰাকী বিষয়া কৰ্মচাৰীয়ে ইভিএম আৰু ভিভিপেট মেচিনসহ বৰপথাৰৰ ৩৩ আৰু ৩৪ নম্বৰ কেন্দ্ৰলৈ ৰাওনা হৈছে।
উল্লেখ্য যে দুয়োটা কেন্দ্ৰত মুঠ ভোটাৰৰ সংখ্যা ১১৮৮ জন। তাৰে মহিলা ভোটাৰৰ সংখ্যা ৫৭৮ আৰু পুৰুষ ৬১০ গৰাকী।